A A A A A

২ বংশাবলি 1:1-17
1. দায়ুদৰ পুত্ৰ চলোমনে তেওঁৰ ৰাজ্যত নিজকে বলৱান কৰিলে; আৰু তেওঁৰ ঈশ্বৰ যিহোৱাই তেওঁৰ লগত থাকি, তেওঁক অতিশয় প্ৰভাৱশালী কৰিলে।
2. পাছত চলোমনে গোটেই ইস্ৰায়েলৰ সহস্ৰপতি, শতপতি, বিচাৰকৰ্তাসকলক আৰু সমূহ ইস্ৰায়েলৰ মাজত থকা প্ৰতিজন মূখ্যলোকৰ সৈতে কথা ক’লে।
3. পাছত চলোমন আৰু তেওঁৰ লগত থকা গোটেই সমাজ গিবিয়োনৰ ওখ ঠাইখনলৈ গ’ল; কিয়নো যিহোৱাৰ দাস মোচিয়ে মৰুপ্ৰান্তত নিৰ্ম্মাণ কৰা ঈশ্বৰীয় সাক্ষাৎ কৰা তম্বু সেই ঠাইতে আছিল।
4. কিন্তু দায়ুদে কিৰিয়ৎ-যিয়াৰীমৰ পৰা যিহোৱাৰ সেই নিয়ম-চন্দুক সেই ঠাইলৈ আনিছিল যি ঠাই তাৰ বাবে যুগুত কৰি থোৱা হৈছিল, কিয়নো তেওঁ তাৰ কাৰণে যিৰূচালেমত এটা তম্বু তৰি ৰাখিছিল।
5. আৰু হূৰৰ নাতিয়েক ঊৰীৰ পুত্ৰ বচলেলে নিৰ্ম্মাণ কৰা পিতলৰ যজ্ঞবেদীটো গিবিয়োনত যিহোৱাৰ আবাসৰ আগত আছিল; তাৰ ওচৰলৈকে চলোমন আৰু সমাজে সঘনে কথা সুধিবলৈ যায়।
6. পাছত চলোমনে তালৈ উঠি গৈ, সাক্ষাৎ কৰা তম্বুৰ ওচৰত থকা পিতলৰ যজ্ঞবেদীটোৰ ওপৰত যিহোৱাৰ আগত এক হাজাৰ হোম-বলি উৎসৰ্গ কৰিলে।
7. সেই ৰাতিয়েই ঈশ্বৰে চলোমনক দৰ্শন দি ক’লে, “মই তোমাক কি বৰ দিম, তাক খোজা?”
8. তাতে চলোমনে ঈশ্বৰক ক’লে, “তুমি মোৰ পিতৃ দায়ূদক মহা অনুগ্ৰহ কৰিলা, আনকি তেওঁৰ পদত মোক ৰজা পাতিলা।
9. এতিয়া হে ঈশ্বৰ যিহোৱা, তুমি মোৰ পিতৃ দায়ূদৰ আগত কোৱা বাক্য সিদ্ধ হওঁক, কিয়নো তুমি মাটিৰ ধূলিৰ নিচিনা অসংখ্য লোক সকলৰ ওপৰত মোক ৰজা পাতিলা৷
10. এতিয়া মই যেন এই লোকসকলক চলাব পাৰোঁ, এই কাৰণে তুমি মোক বুদ্ধি আৰু জ্ঞান দিয়া; কিয়নো তোমাৰ এই মহা জাতিৰ বিচাৰ কৰা কাৰ সাধ্য?”
11. তেতিয়া ঈশ্বৰে চলোমনক ক’লে, “এয়ে তোমাৰ মনত হৈছে, যে, তুমি কি ঐশ্বৰ্য্য, কি সম্পত্তি, কি মৰ্য্যদা, যিসকলে তোমাক ঘিণ কৰে, তেওঁলোকৰ প্ৰাণ নুখুজিলা আৰু দীৰ্ঘায়ুও নুখুজিলা, কিন্তু মই যাৰ ওপৰত তোমাক ৰজা পাতিলোঁ, মোৰ এই প্ৰজাসকলক শাসন কৰিবৰ অৰ্থে বুদ্ধি আৰু জ্ঞান খুজিলা।
12. এই হেতুকে সেই বুদ্ধি আৰু জ্ঞান তোমাক দিয়া হৈছে; আৰু তোমাৰ পূৰ্বতে কোনো ৰজাৰ যেনে ধন, ঐশ্বৰ্য্য আৰু সন্মান হোৱা নাই আৰু তোমাৰ পাছতো নহ’ব, তেনে ধন, ঐশ্বৰ্য্য, আৰু সন্মানো মই তোমাক দিম।”
13. পাছে চলোমনে গিবিয়োনৰ ওখ ঠাইত থকা সাক্ষাৎ কৰা তম্বুৰ আগৰ পৰা যিৰূচালেমলৈ আহিল আৰু ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰি থাকিল।
14. পাছে চলোমনে ৰথ আৰু অশ্বাৰোহী লোকসকলক গোটালে: তেওঁৰ এক হাজাৰ চাৰিশ ৰথ আৰু বাৰ হাজাৰ অশ্বাৰোহী আছিল; তেওঁ সিহঁতক নানা ৰথ-নগৰত আৰু আনকি ৰজাৰ লগত যিৰূচালেমতো ৰাখিলে।
15. ৰজাই যিৰূচালেমত ৰূপ আৰু সোণক শিলৰ নিচিনা আৰু এৰচ কাঠক নিম্ন-ভূমিত থকা ডিমৰু গছৰ নিচিনা অধিক কৰিলে।
16. আৰু চলোমনৰ যি ঘোঁৰাবোৰ আছিল, সেই ঘোঁৰাবোৰ মিচৰৰ পৰা অনা; আৰু সেই ঘোঁৰাবোৰ ৰজা-ঘৰীয়া বেপাৰীহঁতে মূল্য দি জাকে জাকে আনে।
17. আৰু মিচৰৰ পৰা কিনি অনা এখন এখন ৰথৰ দাম ছশ চেকল ৰূপ আৰু এটা এটা ঘোঁৰাৰ দাম এশ পঞ্চাশ চেকল ৰূপ। এইদৰে তেওঁলোকৰ দ্বাৰাই হিত্তীয়া আৰু অৰামীয়া সকলো ৰজাৰ কাৰণেও সেইবোৰ অনা হয়।

২ বংশাবলি 2:1-18
1. পাছত চলোমনে যিহোৱাৰ নামেৰে এটা গৃহ আৰু নিজৰ বাবে এটা ৰাজগৃহ নিৰ্ম্মাণ কৰিবলৈ থিৰ কৰিলে।
2. তেওঁ বোজা ববৰ বাবে সত্তৰ হাজাৰ লোক আৰু পৰ্বতত কাঠ কাটিবলৈ আশী হাজাৰ লোকক নিয়োগ কৰিলে আৰু তেওঁলোকৰ কাম তদাৰক কৰিবলৈ তিনি হাজাৰ ছশ লোকক নিযুক্ত কৰিলে।
3. তেতিয়া চলোমনে তূৰৰ ৰজা হীৰমৰ ওচৰলৈ কৈ পঠিয়ালে বোলে, “যে বাস কৰিবলৈ এটা গৃহ নিৰ্ম্মাণ কৰোঁতে যিদৰে মোৰ পিতৃ দায়ূদলৈ এৰচ কাঠ পঠিয়াই আপুনি সহায় কৰিছিল, সেইদৰে মোলৈকো কৰক।
4. চাওঁক, মই মোৰ ঈশ্বৰ যিহোৱাৰ নামেৰে এটা গৃহ নিৰ্ম্মাণ কৰিব খুজিছোঁ; তেওঁৰ আগত সু-গন্ধি ধূপ জ্বলাবলৈ, নৃত্য দৰ্শন-পিঠা দিবলৈ আৰু প্ৰতি ৰাতিপুৱা ও সন্ধিয়া কালত, বিশ্ৰামবাৰত, ন-জোনত আৰু আমাৰ ঈশ্বৰ যিহোৱাৰ সকলো উৎসৱত হোম-বলি উৎসর্গ কৰিবলৈ তাক পবিত্ৰ কৰিম৷ সেয়ে ইস্ৰায়েলে সদায় কৰিব লগা কাৰ্য।
5. আৰু মই যি গৃহ নিৰ্ম্মাণ কৰিব খুজিছোঁ, সেয়ে অতি বৃহৎ হ’ব, কিয়নো আমাৰ ঈশ্বৰ আন সকলো দেৱতাবোৰতকৈ মহান।
6. কিন্তু যি স্থলত বিশ্ৱব্ৰহ্মাণ্ডত আৰু স্বৰ্গৰো স্বৰ্গই তেওঁক ধাৰণ কৰিব নোৱাৰে, এনে স্থলত, কোনে তেওঁৰ বাবে এটা গৃহ নিৰ্ম্মাণ কৰিব পাৰিব? কেৱল তেওঁৰ আগত ধূপ জ্বলোৱা উদ্দেশ্যৰ বাহিৰে, মই কোন, যে তেওঁৰ বাবে গৃহ নিৰ্ম্মাণ কৰিব পাৰোঁ?
7. এই হেতুকে এনে এজন নিপূণ লোক পঠিয়াই দিয়ক, যিজনে সোণ, ৰূপ, পিতল, লোহা আৰু বেঙেনা বৰণীয়া, সেন্দুৰ বৰণীয়া ও নীল বৰণীয়া সূতাৰে বন কৰাত আৰু নানাবিধ বাখৰ কটাত পাকৈত৷ যিহূদাত আৰু যিৰূচালেমত মোৰ পিতৃ দায়ূদে যোগান ধৰাৰ দৰে, তেওঁ মোৰ সৈতে থকা এই নিপূণ লোকসকলৰ লগত কাম কৰিব।
8. আৰু এৰচ, দেবদাৰু আৰু অলগূম কাঠ এইবিলাকো লিবানোনৰ পৰা মোৰ ইয়ালৈ পঠিয়াই দিয়ক; কিয়নো মই জানো, যে আপোনাৰ দাসবোৰ লিবানোনত কাঠ কটাত নিপূণ৷ চাওঁক, মোৰ দাসবোৰ আপোনাৰ দাসবোৰৰ লগত থাকিব,
9. যাতে তেওঁলোকে মোৰ অৰ্থে প্ৰচুৰ পৰিমাণে কাঠ যুগুত কৰিব পাৰিব; কিয়নো মই যি গৃহ নিৰ্ম্মাণ কৰিব খুজিছোঁ, সেয়ে মহৎ আৰু আশ্চর্যজনক হ’ব।
10. আৰু চাওঁক, মই আপোনাৰ দাসবোৰলৈ যি সকল কাঠকটীয়া পঠালোঁ, তেওঁলোকৰ বাবে বিশ হাজাৰ পৰিমাণৰ মৰা ঘেঁহু ধান, বিশ হাজাৰ পৰিমাণৰ মৰা যৱ, বিশ হাজাৰ বাৰ স্নান কৰিব পৰা জোখৰ দ্ৰাক্ষাৰস আৰু বিশ হাজাৰ বাৰ স্নান কৰিব পৰা জোখৰ তেল পঠাই দিম।”
11. তেতিয়া তূৰৰ ৰজা হীৰমে চলোমনলৈ এই উত্তৰ লিখি পঠিয়ালে, “যিহোৱাই তেওঁৰ নিজ প্ৰজাসকলক প্ৰেম কৰে, সেই বাবে তেওঁ তেওঁলোকৰ ওপৰত আপোনাক ৰজা পাতিলে।”
12. হীৰমে পুনৰ ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা ধন্য হওঁক, যিজনে আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে আৰু যিজনে যিহোৱাৰ উদ্দেশ্যে এটা গৃহ আৰু নিজৰ বাবে এটা ৰাজ গৃহ সাজিব, এনে দূৰদৰ্শী আৰু বুদ্ধিমান জ্ঞানী পুত্ৰ তেওঁ দায়ুদ ৰজাক দিলে।
13. আৰু মই এতিয়া হীৰমৰ নিপুণ আৰু ভাল বেয়া বিচাৰ কৰিব পৰা এজন প্ৰতিভাসম্পন্ন লোক পঠিয়াইছোঁ,
14. তেওঁ দান বংশৰ এগৰাকী মহিলাৰ পুত্ৰ৷ তেওঁৰ পিতৃ তূৰীয়াৰ মানুহ আছিল৷ তেওঁ সোণ, ৰূপ, পিতল, লোহা, শিল, কাঠ আৰু বেঙেনা বৰণীয়া ও নীল বৰণীয়া সূতা, মিহি শণ সূতা আৰু সেন্দুৰ বৰণীয়া সূতাৰ কাম কৰাত নিপূণ৷ আৰু তেওঁ সকলো বিধৰ বাখৰ কটাত আৰু সকলো ৰূপাংকন কৰা কাৰ্যত তেওঁ নিপূণ। তেওঁক আপোনাৰ নিপুণ কর্মীসকলৰ লগত আৰু মোৰ প্ৰভু, আপোনাৰ পিতৃ দায়ূদৰ জ্ঞানী লোকসকলৰ লগত ঠাই দিয়া হওঁক।
15. এই হেতুকে মোৰ প্ৰভুৱে কোৱাৰ দৰে, ঘেঁহু, যৱ, তেল আৰু দ্ৰাক্ষাৰস, তেওঁ আপোনাৰ এই দাসবোৰৰ ওচৰলৈ পঠিয়াই দিয়ক৷
16. যিমান কাঠ আপোনাৰ প্ৰয়োজন হ’ব, সিমান কাঠ আমি লিবানোনত কাটি ল’ম৷ আৰু আমি ভূৰ বান্ধি সমুদ্ৰ-পথেদি গৈ যাফোত এইবোৰ আপোনাৰ ওচৰত থৈ আহিম, তাৰ পৰা আপুনি সেইবোৰ যিৰূচালেমলৈ লৈ যাব।”
17. আৰু চলোমনে তেওঁৰ পিতৃ দায়ূদে গণনা কৰাৰ দৰে ইস্ৰায়েল দেশত প্ৰবাস কৰা বিদেশী লোকসকলক গণনা কৰালে৷ তাতে গণনা কৰোঁতে এক লাখ ত্ৰেপন্ন হাজাৰ ছশ লোক পোৱা গ’ল।
18. তেওঁ সেইসকলৰ মাজত বোজা ববলৈ সত্তৰ হাজাৰ আৰু পৰ্বতত কাঠ কাটিবলৈ আশী হাজাৰ লোক নিয়োগ কৰিলে আৰু এই লোকসকলক কামত থাকোতে তদাৰক কৰিবলৈ তিনি হাজাৰ ছশ লোকক নিযুক্ত কৰিলে।

সামসঙ্গীত 79:1-4
1. হে ঈশ্বৰ, আন জাতিবোৰে আহি তোমাৰ আধিপত্যত সোমাল; তেওঁলোকে তোমাৰ পবিত্ৰ মন্দিৰ অশুচি কৰিলে; তেওঁলোকে যিৰূচালেমক ধ্বংসৰ স্তূপ কৰিলে।
2. তোমাৰ দাসবোৰৰ মৰা শৱবোৰ তেওঁলোকে আকাশৰ পক্ষীবোৰক আহাৰ স্বৰূপে খাবলৈ দিলে; তোমাৰ ভক্তসকলৰ মাংস পৃথিৱীৰ বনৰীয়া পশুবোৰক দিলে।
3. যিৰূচালেমৰ চাৰিওফালে তেওঁলোকে সেই লোকসকলৰ তেজ পানীৰ দৰে ঢালি দিলে; তেওঁলোকক মৈদাম দিবলৈ কোনো নাছিল।
4. চুবুৰীয়া জাতিবোৰৰ আগত আমি নিন্দাৰ পাত্র হৈছোঁ; আমাৰ চাৰিওফালৰ লোকসকলৰ আগত আমি হাঁহিয়াতৰ আৰু বিদ্রূপৰ খোৰাক হৈছোঁ।

প্রবচন 20:8-9
8. সিংহাসনত বহা ৰজাই বিচাৰকৰ দ্বায়ীত্ব পালন কৰে; তেওঁৰ আগত থকা সকলো দুষ্টতা তেওঁৰ দৃষ্টিৰে পৰীক্ষা কৰে।
9. কোনে ক’ব পাৰে “মই মোৰ হৃদয় শুদ্ধ কৰি ৰাখিছোঁ, আৰু মোৰ পাপৰ পৰা মই মুক্ত হ’লো?

পাঁচনি 11:1-30
1. পাছত পাঁচনি সকল আৰু যিহুদীয়াত থকা ভাই সকলে শুনিবলৈ পালে যে, অনা-ইহুদী লোকেও ঈশ্বৰৰ বাক্য গ্ৰহণ কৰিলে৷
2. পাছত যেতিয়া পিতৰ যিৰূচালেমলৈ আহিল, তেতিয়া তেওঁক লৈ চুন্নৎ হোৱা মানুহবোৰে দ্বিধাবোধ হোৱাত নিন্দা কৰিলে;
3. তেওঁলোকে কলে, “তুমি চুন্নৎ নোহোৱা মানুহবোৰৰ লগত সহযোগ কৰি, সিহঁতৰ সৈতে খোৱা-বোৱা কৰিলা!”
4. কিন্তু পিতৰে এই কথা বিতং ভাৱে বৰ্ণনা কৰি তেওঁলোকক কলে,
5. “মই যাফো নগৰত প্ৰাৰ্থনা কৰি থাকোতেই মুৰ্চ্ছা গ’লো আৰু দৰ্শনত চাৰি চুকত ধৰি স্বৰ্গৰ পৰা নমোৱা ডাঙৰ কাপোৰৰ নিচিনা কোনো এটা পাত্ৰ মোৰ ওচৰলৈ নামি অহা দেখিলোঁ;
6. তেতিয়া তালৈ মন কৰি একেথৰে চাই থাকোতে তাত পৃথিৱীৰ চাৰিঠেঙীয়া জন্তু আৰু বনৰীয়া জন্তু, উৰগ আৰু আকাশৰ চৰাই এই সকলোকে দেখিলোঁ৷”
7. আৰু তেতিয়া “হে পিতৰ, উঠি মাৰি খোৱা!” এই বুলি মোলৈ কোৱা এটা বাণীও শুনিলোঁ৷
8. মই কলোঁ, “হে প্ৰভু, এনে নহওক: কিয়নো কোনো বৰ্জিত বা অশুচি বস্তু মোৰ মুখত কেতিয়াও দিয়া নাই৷”
9. কিন্তু পুনৰ আকাশৰ পৰা নে স্ৱর্গৰ পৰা উত্তৰ আহিল, “ঈশ্বৰে যিহকে শুচি কৰিলে, সেইবোৰ তুমি বৰ্জিত নুবুলিবা৷”
10. এইদৰে তিনি বাৰ ঘটাৰ পাছত সেই সকলোবোৰ আকৌ স্বৰ্গলৈ তুলি নিয়া হ’ল৷
11. আৰু চোৱা, তেতিয়াই চীজাৰিয়াৰ পৰা মোৰ ওচৰলৈ পঠোৱা তিনি জন মানুহ, মই যি ঘৰত আছিলোঁ, তাত উপস্থিত হ’ল৷
12. তাতে একো সংশয় নকৰাকৈ তেওঁলোকৰ লগত যাবলৈ আত্মাই মোক আজ্ঞা দিলে৷ পাছত এই ভাই ছয় জন মোৰ লগত গ’ল আৰু আমি সেই মানুহৰ ঘৰত গৈ সোমালো৷
13. তাতে তেওঁ আমাক কলে, কেনেকৈ এজন দূতে তেওঁৰ ঘৰত থিয় হৈ কৈছিল যে, “যাফোলৈ মানুহ পঠাই, যাৰ প্ৰখ্যাত নাম পিতৰ, সেই চিমোনক মাতি পঠোৱা৷
14. তাতে তুমি আৰু তোমাৰ ঘৰৰ সকলোৱে যাৰ দ্বাৰাই পৰিত্ৰাণ পাবা, সেই কথা তেওঁ তোমাক কব৷”
15. পাছে মই কথা কবলৈ ধৰোতেই, পূৰ্বতে আমাৰ ওপৰত যেনেকৈ পবিত্ৰ আত্মা নামিছিল, তেনেকৈ তেওঁলোকৰ ওপৰতো নামিল৷
16. “যোহনে হলে পানীতহে বাপ্তিস্ম দিলে কিন্তু তোমালোকক হ’লে পবিত্ৰ আত্মাত বাপ্তিস্ম দিয়া হ’ব,” প্ৰভুৱে কোৱা এই কথা মোৰ মনত পৰিল৷
17. এতেকে আমি প্ৰভু যীচু খ্ৰীষ্টত বিশ্বাস কৰাৰ বাবে ঈশ্বৰে যি দান আমাক দিলে সেই একে দান তেওঁলোককো দিলে, গতিকে ঈশ্বৰক প্ৰতিৰোধ কৰিবলৈ মই নো কোন?”
18. এই কথা শুনি তেওঁলোকে কোনো সহাঁৰি নিদি বৰং ঈশ্বৰৰ স্তুতি কৰি কলে, “তেনেহলে, ঈশ্বৰে অনা-ইহুদী লোককো জীৱনৰ অৰ্থে মন-পালটন দান কৰিলে৷”
19. ইতিপূৰ্বে যিবোৰ মানুহে স্তিফানৰ মৃত্যুৰ ক্ষেত্ৰত হোৱা বেজাৰৰ কাৰণে গোট গোট হৈ আছিল, তেওঁলোকে ফৈনীকিয়া, কুপ্ৰ, আৰু আন্তিয়খিয়ালৈকে ফুৰি, ইহুদী লোকৰ বাহিৰে আন কাৰো আগত ঈশ্বৰৰ বাক্য প্ৰচাৰ নকৰিলে৷
20. কিন্তু তেওঁলোকৰ মাজৰ কুপ্র আৰু কুৰীণীৰ কিছুমান আন্তিয়খিয়ালৈ আহি গ্ৰীকভাষী সকলৰ আগত প্ৰভু যীচুৰ শুভবাৰ্তা প্ৰচাৰ কৰিলে৷
21. আৰু প্ৰভুৰ হাত তেওঁলোকৰ সহকাৰী হ’ল, তাতে বহুসংখ্যক লোকে বিশ্বাস কৰি প্ৰভুলৈ আহিল৷
22. পাছত তেওঁলোকৰ সবিশেষ বাৰ্তা যিৰূচালেমত থকা মণ্ডলীৰ কাণত যেতিয়া পৰিল, তেতিয়া মণ্ডলীয়ে বাৰ্ণব্বাক আন্তিয়খিয়ালৈ পঠিয়াই দিলে৷
23. তেওঁ তাত উপস্থিত হৈ, ঈশ্বৰৰ অনুগ্ৰহ দেখি আনন্দিত হ’ল; আৰু হৃদয়ৰ আগ্ৰহেৰে প্ৰভুত আসক্ত হৈ থাকিবলৈ সকলোকে উদগালে৷
24. কিয়নো তেওঁ উত্তম লোক হোৱাৰ উপৰি, পবিত্ৰ আত্মাৰে বিশ্বাসত পৰিপূৰ্ণ আছিল, তাতে মানুহৰ এটা ডাঙৰ দলে প্ৰভুত যোগ দিলে৷
25. পাছত বাৰ্ণব্বাই চৌলক বিচাৰিবলৈ তাৰ্চ নগৰলৈ গ’ল৷
26. আৰু তেওঁক পাই আন্তিয়খিয়ালৈ লৈ আহিল৷ তাতে তেওঁলোকে গোটেই বছৰ মণ্ডলীত গোট খোৱা বহু লোকক উপদেশ দিলে৷ এই আন্তিয়খিয়া নগৰতেই শিষ্য সকলক প্ৰথমে খ্ৰীষ্টিয়ান বুলি মতা হ’ল৷
27. সেই সময়ত কিছুমান ভাববাদী যিৰূচালেমৰ পৰা আন্তিয়খিয়ালৈ আহিল৷
28. আৰু তেওঁলোকৰ মাজৰ আগাব নামেৰে এজনে উঠি, আত্মাৰ দ্বাৰাই চালিত হৈ জনালে যে, গোটেই পৃথিৱীত বৰ আকাল হ’ব আৰু ক্লৌদিয়ৰ দিনত সেয়ে ঘটিব৷
29. তাতে শিষ্য সকলৰ প্ৰতিজনে শক্তি অনুসাৰে, যিহুদীয়াত নিবাস কৰা ভাই সকলৰ পৰিচৰ্যাৰ কাৰণে সহায় পঠিয়াবলৈ সিদ্ধান্ত ললে৷
30. পাছত সেইদৰে কাৰ্য কৰি, বাৰ্ণব্বা আৰু চৌলৰ হাতত পৰিচাৰক সকললৈ ধন পঠিয়াই দিলে৷