A A A A A
एक साल में बाइबल
अप्रैल 12

যোশুয়া 13:1-33
1. যেতিয়া যিহোচূৱা বুঢ়া আৰু অতিশয় বৃদ্ধ হ’ল, তেতিয়া যিহোৱাই তেওঁক ক’লে, “তুমি বুঢ়া আৰু অতিশয় বৃদ্ধ থ’লো, কিন্তু এতিয়াও অনেক দেশ অধিকাৰ কৰিবলৈ বাকী আছে।
2. এই দেশবোৰ এতিয়াও অৱশিষ্ট: পলেষ্টীয়াৰ সকলো অঞ্চল আৰু গচুৰীয়াসকলৰ অঞ্চলবোৰ,
3. মিচৰৰ পূব ফালে থকা চিহোৰৰ পৰা উত্তৰফালে থকা কনানীয়াসকলৰ অধিকাৰত থোৱা ইক্ৰোণৰ সীমালৈকে; পলেষ্টীয়াসকলৰ সেই পাঁচজন অধিপতি- ঘচাতীয়া, অচ্‌দোদীয়া, অস্কিলোনীয়া, গাতীয়া আৰু ইক্ৰোণীয়া - এইটো অব্বীয়াসকলৰ অঞ্চল আছিল৷
4. দক্ষিণ দিশে থকা কনানীয়াসকলৰ গোটেই দেশ আৰু চীদোনীয়াসকলৰ অধিকাৰত থকা মিয়াৰা, অফেকাৰ পৰা ইমোৰীয়াসকলৰ সীমালৈকে;
5. গিবলীয়াসকলৰ দেশ, সূৰ্য উদয় হোৱা ফালে থকা গোটেই লিবানোন, হৰ্মোণ পৰ্ব্বতৰ তলত থকা বাল-গাদৰ পৰা হমাতলৈ৷
6. ইয়াৰ উপৰিও লিবানোনৰ পৰা মিষ্ৰফোৎ-ময়িমলৈকে পৰ্ব্বতীয়া অঞ্চলৰ নিবাসী সকলৰ লগতে আটাই চীদোনীয়াসকল৷ মই তেওঁলোকক ইস্ৰায়েলৰ বাহিনীসকলৰ আগৰ পৰা দূৰ কৰিম; মই তোমাক আজ্ঞা দিয়াৰ দৰে, ইস্ৰায়েল উত্তৰাধিকাৰী হ’বলৈ তাৰ ভাগ নিৰ্ধাৰিত কৰিবৰ অৰ্থে তুমি নিশ্চিত কৰা৷
7. উত্তৰাধিকাৰী হ’বলৈ তুমি অধিকাৰৰ অৰ্থে ন’টা গোষ্ঠীলৈ আৰু মনচিৰ আধা গোষ্ঠীলৈ এই দেশ ভাগ কৰি দিয়া।”
8. বাকী থকা মনছিৰ আধা জন-গোষ্ঠী, ৰূবেণীয়া আৰু গাদীয়াসকলে যৰ্দ্দনৰ পূব ফালে থকা, মোচিয়ে দিয়াৰ দৰে নিজ নিজ উত্তৰাধিকাৰ গ্ৰহণ কৰিলে,
9. অৰ্ণোনৰ উপত্যকাৰ কাষত থকা অৰোয়েৰৰ পৰা উপত্যকাৰ মাজত থকা নগৰবোৰ আৰু দীবোনলৈকে মেদবাৰ গোটেই সমথল;
10. হিচবোনত শাসন কৰা ইমোৰীয়াসকলৰ ৰজা চীহোনৰ সকলো নগৰৰ পৰা অম্মোনৰ সীমালৈকে;
11. গিলিয়দ আৰু গচুৰীয়া আৰু মাখাথীয়াসকলৰ অঞ্চল আৰু গোটেই হৰ্মোণ পৰ্ব্বত আৰু চলখালৈকে গোটেই বাচান;
12. বাচানৰ ৰজা ওগৰ সকলো ৰাজ্য, যি জনে অষ্টাৰোতত আৰু ইদ্ৰেয়ীত শাসন কৰিছিল ৰফায়ীয়াসকলৰ মাজত এইবোৰেই অৱশিষ্ট আছিল; কিয়নো মোচিয়ে তেওঁলোকক তৰোৱালেৰে প্ৰহাৰ কৰি দূৰ কৰিছিল।
13. কিন্তু ইস্ৰায়েলৰ সন্তান সকলে গচুৰীয়া আৰু মাখাথীয়াসকলক দূৰ কৰা নাছিল; বৰং গচুৰীয়া আৰু মাখাথীয়াসকলে ইস্ৰায়েলৰ সন্তান সকলৰ মাজত আজিলৈ বাস কৰি আছে।
14. কেৱল লেবীৰ গোষ্ঠীক মোচিয়ে উত্তাৰাধিকাৰি হ’বলৈ নিদিলে। যিহোৱাই মোচি ক কোৱা বাক্য অনুসাৰে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰ” তেওঁলোকৰ উত্তৰাধিকাৰী হ’ল।
15. মোচিয়ে বংশানুক্ৰমে ৰূবেণৰ জন-গোষ্ঠীলৈ উত্তৰাধিকাৰ দিলে।
16. তেওঁলোকৰ সীমা অৰ্ণোন উপত্যকাৰ কাষত থকা অৰোয়েৰৰ পৰা আৰু উপত্যকাৰ মাজত থকা নগৰৰ লগতে মেদবাৰ ওচৰত থকা গোটেই মালভূমি৷
17. ৰূবেণে হিচবোন আৰু মালভূমিত থকা তাৰ সকলো নগৰবোৰ গ্ৰহণ কৰিছিল আৰু তাৰ লগত দীবোন, বামোৎ-বাল, বৈৎ-বালমিয়োন,
18. যহচ, কদেমোৎ আৰু মেফাৎ,
19. কিৰিয়াথয়িম, চিবমা, উপত্যকাৰ পৰ্ব্বতটোত থকা চেৰৎ-চহৰ৷
20. ৰূবেণে বৈৎ-পিয়োৰ, পিচগাৰ, চাৱলীয়া ঠাইবোৰৰ তলত থকা দেশ আৰু বৈৎ-যিচীমোৎ;
21. মালভূমিত থকা আন সকলো নগৰ, হিচবোনত শাসন কৰা ইমোৰীয়াসকলৰ সেই ৰজা চীহোনৰ সমুদায় ৰাজ্য, যি জনক মোচিয়ে চীহোনত থকা তলতীয়া মিদিয়নীয়া নেতাসকল- ইবী, ৰেকম, চূৰ, হূৰ আৰু ৰেবাৰৰ সৈতে পৰাস্ত কৰিছিল৷
22. ইস্ৰায়েলৰ সন্তান সকলে যিসকলক বধ কৰিছিল, সেইবোৰৰ মাজত তেওঁলোকে বিয়োৰৰ পুত্ৰ বিলিয়মকো তৰোৱালেৰে বধ কৰিলে, এই জন লোকে মঙ্গল চোৱা কার্যৰ নিয়ম মানি চলিছিল৷
23. যৰ্দ্দন আৰু তাৰ অঞ্চল ৰূবেণৰ সন্তান সকলৰ সীমা আছিল। এয়ে ৰূবেনৰ সন্তান সকলৰ উত্তৰাধিকাৰ, যি নগৰ আৰু গাৱেঁৰে সৈতে তেওঁৰ প্ৰত্যেক বংশক দিয়া হৈছিল৷
24. মোচিয়ে গাদৰ জন-গোষ্ঠীক নিজ বংশানুক্ৰমে দিয়া উত্তৰাধিকাৰ এই:
25. তেওঁলোকৰ সীমা যাজেৰ আৰু গিলিয়দৰ সকলো নগৰ আৰু ৰব্বাৰ পূবে থকা অৰোয়েৰলৈকে অম্মোনৰ সন্তান সকলৰ আধা দেশ,
26. হিচবোনৰ পৰা ৰমাৎ-মিস্পা আৰু বটোনীমলৈকে আৰু মহনয়িমৰ পৰা দবীৰৰ সীমালৈকে৷
27. মোচিয়ে উপত্যকাত তেওঁলোকক বৈৎ-হাৰম, বৈৎ-নিম্ৰা, চুক্কোৎ, চাফোন, হিচবোনৰ ৰজা চীহোনৰ অৱশিষ্ট ৰাজ্য, যৰ্দ্দনৰ পূব দিশে কিন্নেৰৎ সাগৰৰ কাষলৈকে যৰ্দ্দন আৰু তাৰ অঞ্চল দান কৰিলে৷
28. এইটোৱেই হৈছে গাদৰ জন-গোষ্ঠীক বংশানুক্ৰমে দিয়া উত্তৰাধিকাৰ, এইবোৰ নগৰ তেওঁলোকৰ গাৱেঁৰে সৈতে আছিল।
29. মোচিয়ে মনচিৰ আধা জন-গোষ্ঠীক উত্তৰাধিকাৰী হ’বলৈ দিলে৷ মনচিৰ সন্তান সকলৰ আধা গোষ্ঠীয়ে সেই উত্তৰাধিকাৰ নিজ নিজ বংশ অনুসাৰে পালে।
30. তেওঁলোকৰ সীমা মহনয়িমৰ পৰা সকলো বাচান, বাচানৰ ৰজা ওগৰ গোটেই ৰাজ্য আৰু বাচানত থকা যায়ীৰৰ সকলো নগৰ অৰ্থাৎ ষাঠিখন নগৰ;
31. গিলিয়দৰ আধা দেশ, অষ্টাৰোৎ আৰু ইদ্ৰেয়ী নগৰ ৷ এই সকলোবোৰ মনচিৰ পুত্ৰ মাখীৰৰ আধা বংশৰ পৰিয়ালৰ প্ৰত্যেককে দিবলৈ নির্ধাৰিত কৰা হ’ল।
32. এইবোৰেই যিৰীহোৰ পূবফালে থকা যৰ্দ্দনৰ সিপাৰৰ মোৱাবৰ সমথলত মোচিয়ে লোকসকলক ভগাই দিয়া উত্তৰাধিকাৰ৷
33. কিন্তু লেবী ফৈদক হ’লে মোচিয়ে কোনো উত্তৰাধিকাৰ নিদিলে৷ তেওঁলোকক কোৱা নিজ বাক্য অনুসাৰে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱায়েই তেওঁলোকৰ উত্তৰাধিকাৰ হ’ল।

যোশুয়া 14:1-15
1. ইলিয়াজৰ পুৰোহিত, নুনৰ পুত্ৰ যিহোচূৱা আৰু তেওঁলোকৰ জন-গোষ্ঠীৰ মুখিয়াল সকলৰ সৈতে পূর্ব-পুৰুষসকলৰ পৰিয়ালসমূহৰ মাজত ভগাই দিয়া কনান দেশৰ এই অঞ্চলসমূহ ইস্ৰায়েলৰ সন্তান সকলে উত্তৰাধিকাৰ সূত্ৰে পালে৷
2. উত্তৰাধিকাৰ সূত্ৰে পোৱা অঞ্চলসমূহ, যিহোৱাই মোচিৰ যোগেদি নির্দেশ দিয়া অনুসাৰে, চিঠি-খেলৰ দ্বাৰাই সেই ন জন-গোষ্ঠী আৰু আধা জন-গোষ্ঠীক ভাগ বাঁটি দিয়া হৈছিল।
3. কিয়নো মোচিয়ে যৰ্দ্দনৰ সিপাৰেও দুই জন-গোষ্ঠীক আৰু আধা জন-গোষ্ঠীক অধিকাৰ কৰিবলৈ দিছিল, কিন্তু লেবীয়াসকলক তেওঁ একো ভাগ দিয়া নাছিল৷
4. যোচেফৰ জন-গোষ্ঠীৰ মাজত প্ৰকৃততে দুটা জন-গোষ্ঠী আছিল- মনচি আৰু ইফ্ৰয়িম৷ লেবীয়াসকলক দেশৰ মাজত উত্তৰাধিকাৰৰ একো ভাগ দিয়া নগ’ল, কেৱল বাস কৰিবলৈ কেইখনমান নির্দিষ্ট নগৰ আৰু তাৰ লগত পশুধনৰ বাবে চৰণীয়া পথাৰ, সম্পত্তি আদিৰ বাবে ঠাই দিলে।
5. যিহোৱাই মোচিক যি দৰে আজ্ঞা দিছিল, সেই অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলে কাৰ্য কৰি দেশ ভাগ কৰি ল’লে।
6. সেই সময়ত যিহূদা ফৈদ যিহোচূৱাৰ ওচৰলৈ আহো বুলি গিলগললৈ আহিছিল৷ তেতিয়া কনিজ্জীয়া যিফুন্নিৰ পুত্ৰ কালেবে তেওঁক ক’লে, “যিহোৱাই মোৰ আৰু তোমাৰ বিষয়ে কাদেচ-বৰ্ণেয়াত ঈশ্বৰৰ লোক মোচিক কি কথা কৈছিল, সেই বিষয়ে তুমি জানা।
7. মোৰ বয়স চল্লিশ বছৰ আছিল, যেতিয়া ঈশ্বৰৰ দাস মোচিয়ে কাদেচ-বৰ্ণেয়াৰ পৰা দেশৰ চোৰাংচোৱাগিৰি কৰিবৰ বাবে মোক পঠাইছিল৷ তেতিয়া সৰল মনেৰে আৰু মোৰ কর্ত্তব্য পালন কৰি সম্বাদ আনি তেওঁক দিছিলোঁ।
8. কিন্তু মোৰ লগত যোৱা মোৰ ভাইসকলে লোকসকলক ভয় লগাই তেওঁলোকৰ হৃদয় পমিয়ালে৷ কিন্তু মই সম্পুৰ্ণৰূপে নিজ ঈশ্বৰ যিহোৱাৰ ইচ্ছা মতে চলিলোঁ।
9. সেই দিনাই মোচিয়ে শপত খাই ক’লে, ‘যি ভূমিৰ ওপৰত তুমি ভৰি দিলাগৈ, তুমি আৰু তোমাৰ সন্তান সকলে চিৰকাললৈকে নিশ্চয়ে সেই ভূমিৰ উত্তৰাধিকাৰী হ’ব; কিয়নো তুমি সম্পূৰ্ণৰূপে মোৰ ঈশ্বৰ যিহোৱাৰ ইচ্ছামতে চলিলা।’
10. এতিয়া চাওঁক! যিহোৱাই এই পঞ্চল্লিশ বছৰ বয়সলৈকে মোক জীয়াই ৰাখিছে আৰু নিজ বাক্য কোৱাৰ দৰে - যি সময়ত ইস্ৰায়েলে মৰুভূমিত ভ্ৰমি ফুৰিছিল, সেই সময়তে যিহোৱাই মোচিক এই কথা কৈছিল৷ এতিয়া চাওঁক! আজি মোৰ বয়স পঁচাশী বছৰ হ’ল।
11. মোচিয়ে মোক যাত্ৰাৰ বাবে পঠোৱা কালত মই যেনে বলৱান আছিলোঁ, এতিয়াও আছোঁ৷ যুদ্ধৰ অৰ্থে আৰু অহা-যোৱা কৰিবৰ বাবে তেতিয়া মোৰ যেনে শক্তি আছিল, এতিয়াও আছে।
12. সেই বাবে মোক এতিয়া এই পর্বতৰ ৰাজ্যখন দিয়ক, এই পর্বতৰ বিষয়ে সেই দিনা যিহোৱাই মোক আশা দিছিল৷ কিয়নো সেই সময়ত অনাকীয়াসকল তাত আছিল আৰু নগৰবোৰ ডাঙৰ ডাঙৰ গড়েৰে আবৃত৷ সেই দিনা কৈছিলোঁ ‘যিহোৱা মোৰ লগত থাকিব আৰু যিহোৱাৰ বাক্য অনুসাৰে মই তেওঁলোকক দূৰ কৰিম’। সেই দিনা বোধ কৰোঁ, এই বিষয়ে তুমি শুনিছিলা৷”
13. তেতিয়া যিহোচূৱাই যিফুন্নিৰ পুত্ৰ কালেবক আশীৰ্ব্বাদ কৰি তেওঁৰ উত্তৰাধিকাৰৰ অৰ্থে হিব্ৰোণ দিলে।
14. এই কাৰণে হিব্ৰোণ কনিজ্জীয়া যিফুন্নিৰ পুত্ৰ কালেবৰ উত্তৰাধিকাৰ আজিলৈকে হৈ আছে; কিয়নো তেওঁ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ ইচ্ছাত সম্পূৰ্ণৰূপে চলিছিল।
15. পূর্বে হিব্ৰোণৰ নাম কিৰিয়ৎ-অর্ব্ব আছিল; সেই অৰ্ব্ব অনাকীয়াসকলৰ মাজত এজন মহান লোক আছিল৷ পাছত যুদ্ধ নোহোৱা বাবে দেশ সুস্থিৰ হ’ল।

সামসঙ্গীত 44:20-26
20. আমাৰ ঈশ্বৰক যদি আমি পাহৰিলোঁ, নাইবা আমাৰ হাত যদি আন কোনো দেৱতাৰ ফালে আগবঢ়াইছো,
21. তেন্তে ঈশ্বৰে জানো তাক নাজানিব? কিয়নো তেওঁ মনৰ গোপনীয় সকলো কথাই জানে।
22. কিন্তু তথাপিও তোমাৰ কাৰণেই আমি গোটেই দিনটো হত হৈছোঁ; আমি বধ কৰিব লগীয়া মেৰ-ছাগৰ নিচিনা গণিত হৈছোঁ।
23. হে যিহোৱা, সাৰ পোৱা, তুমি কিয় টোপনিয়াই আছা? জাগি উঠা, চিৰকাললৈকে আমাক ত্যাগ নকৰিবা!
24. তুমি কিয় তোমাৰ মুখ ঢাকি ৰাখিছা? আমাৰ ক্লেশ আৰু উপদ্ৰৱ কিয় পাহৰিছা?
25. আমাৰ প্ৰাণ ধূলিলৈকে নামি হৈছে, আমাৰ শৰীৰ মাটিত লাগি গৈছে।
26. উঠি আহা, আমাক সহায় কৰা; তোমাৰ গভীৰ প্রেম অনুসাৰে তুমি আমাক মুক্ত কৰা।

প্রবচন 14:3-3
3. অজ্ঞানীলোকৰ মুখৰ পৰা তেওঁৰ অহঙ্কাৰৰ অঙ্কুৰ ওলাই; কিন্তু জ্ঞানীলোকৰ ওঁঠে সেইবোৰ সংৰক্ষিত কৰে।

লূক 11:1-28
1. এদিন যীচুৱে এঠাইত প্ৰাৰ্থনা কৰি আছিল৷ প্ৰার্থনা শেষ হোৱাৰ পাছত তেওঁৰ এজন শিষ্যই ওচৰলৈ আহি ক’লে, “হে প্ৰভু, যোহনে যেনেকৈ তেওঁৰ শিষ্য সকলক প্ৰার্থনা কৰিবলৈ শিকালে; তেনেকৈ আপুনিও আমাক শিকাওঁক।”
2. তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “তোমালোকে প্ৰাৰ্থনা কৰা সময়ত এইদৰে ক’বা, ‘হে পিতৃ, তোমাৰ নাম পূজনীয় হওক; তোমাৰ ৰাজ্য হওক;
3. আমাৰ প্ৰয়োজনীয় দৈনিক আহাৰ আমাক প্ৰতিদিনে দিয়া।
4. আমাৰ পাপ ক্ষমা কৰা কিয়নো আমিও নিজৰ নিজৰ ধৰুৱাক ক্ষমা কৰিলোঁ। আৰু আমাক পৰীক্ষালৈ নিনিবা’।”
5. ইয়াৰ পাছত যীচুৱে তেওঁলোকক ক’লে, “ধৰা হওক, তোমালোকৰ মাজৰ কোনো এজনৰ বন্ধু আছে৷ তুমি যদি মাজনিশা বন্ধু জনৰ ওচৰত গৈ কোৱা, ‘হে বন্ধু, মোক তিনিটা পিঠা ধাৰে দিয়া;
6. কিয়নো এইমাত্ৰ মোৰ ঘৰলৈ এজন পঠিক বন্ধু আহিছে৷ তেওঁক আহাৰ দিবলৈ মোৰ একো আহাৰ নাই৷’
7. তেতিয়া সেই বন্ধু জনে ভিতৰৰ পৰা উত্তৰ দি কব পাৰে ‘মোক বিৰক্ত নকৰিবা৷ এতিয়া দুৱাৰ বন্ধ আৰু মোৰ সন্তান সকল শুই আছে৷ তোমাক পিঠা দিবলৈ উঠিব নোৱাৰো৷’
8. কিন্তু মই তোমালোকক কওঁ, বন্ধু হোৱা হেতুকে তেওঁ উঠি আহি নিদিলেও তুমি বাৰে বাৰে খুজি থকাত, এটা সময়ত তেওঁ উঠি আহি তোমাৰ যিমান প্ৰয়োজন সিমানেই পিঠা তোমাক দিব।
9. মই তোমালোকক পুনৰ কওঁ, খোজা তেতিয়া তোমালোকক দিয়া হ’ব, বিচাৰা তেতিয়া পাবা, টুকুৰিওৱা তেতিয়া তোমালোকৰ বাবে দুৱাৰ মুকলি কৰা হ’ব।
10. কিয়নো খোজা লোকে পায়, বিচৰা জনে দেখে আৰু যি জনে টুকুৰিয়াই, তেওঁলৈ দুৱাৰ মুকলি কৰা হয়।
11. তোমালোকৰ মাজত কোন জন পিতৃয়ে পুত্ৰই পিঠা খুজিলে, শিল দিব? বা মাছ খুজিলে, মাছৰ সলনি সাপ দিব?
12. নাইবা কণী খুজিলে তাক কেঁকোৰা-বিছা দিব?
13. এতেকে তোমালোক দুর্জন হৈয়ো নিজ নিজ সন্তান সকলক যদি ভাল বস্তু দিব জানা তেনেহলে তাতকৈয়ো তোমালোকৰ স্বৰ্গত থকা পিতৃয়ে তেওঁৰ ওচৰত খোজা লোক সকলক পবিত্ৰ আত্মা নিদিব নে?”
14. এক সময়ত যীচুৱে এজন বোবা মানুহৰ পৰা এটা ভূত খেদাইছিল আৰু ভূতটো বাহিৰ হৈ যোৱাত, সেই বোবা মানুহ জনে কথা ক’বলৈ ধৰিলে৷ তাকে দেখি লোক সকলে বিস্ময় মানিলে।
15. কিন্তু কিছুমান লোকে কলে, “ভূতৰ ৰজা বেলচবূব ৰ সহায়তহে এওঁ ভূতবোৰক এনেদৰে খেদায়।”
16. আন কিছুমানে তেওঁক পৰীক্ষা কৰিবলৈ স্বৰ্গৰ পৰা কোনো পৰাক্ৰম কাৰ্যৰ চিন বিচাৰিলে।
17. কিন্তু যীচুৱে তেওঁলোকৰ মনৰ ভাব বুজি পায় ক’লে, “যদি কোনো ৰাজ্য নিজৰ বিৰুদ্ধে ভিন ভিন হয়, তেনেহলে সেই ৰাজ্য উছন্ন হয় আৰু এখন ঘৰত যদি নিজৰ ভিতৰতে বিভেদ জন্মে, সেই ঘৰ খনো বিনষ্ট হয়৷
18. চয়তান যদি নিজৰ বিৰুদ্ধে ভিন ভিন হয়, তেনেহলে তাৰ ৰাজ্য কেনেকৈ থাকিব? কাৰণ তোমালোকে কৈছা যে, মই বেলচবূব ৰ দ্বাৰাই ভূতবোৰক খেদাও৷
19. যদি মই বেলচবূব ৰ দ্বাৰাই ভূতবোৰক খেদাও, তেনেহলে তোমালোকৰ অনুগামী সকলে কাৰ দ্বাৰাই খেদায়? এই কাৰণে তেওঁলোক তোমালোকৰ বিচাৰক হব।
20. কিন্তু মই যদি ঈশ্বৰৰ আঙুলিৰে ভূতবোৰক খেদাও, তেনেহলে ঈশ্বৰৰ ৰাজ্য অৱশ্যে তোমালোকৰ মাজলৈ আহিল।
21. যেতিয়া এজন বলৱান লোকে অস্ত্ৰ-শস্ত্ৰৰে ভালকৈ সুসজ্জিত হৈ নিজৰ ঘৰ খন পহৰা দিয়ে, তেতিয়া তেওঁৰ সম্পত্তি সুৰক্ষিত হৈ থাকে;
22. কিন্তু যেতিয়া তেওঁতকৈ আন এজন বলৱান লোক আহি তেওঁক পৰাজয় কৰে, তেতিয়া সেই বলৱান লোক জনে তেওঁৰ পৰা অস্ত্ৰ-শস্ত্ৰবোৰৰ সৈতে তেওঁৰ সকলো সম্পত্তি লুণ্ঠন কৰে।
23. যি ব্যক্তি মোৰ ফলীয়া নহয়, তেওঁ মোৰ বিপক্ষ আৰু যি কোনোৱে মোৰে সৈতে নচপায়, তেওঁ সিচিঁ পেলায়।
24. যেতিয়া এটা অশুচি আত্মা কোনো মানুহৰ পৰা ওলাই যায়, তেতিয়া সি পানী নথকা ঠাইবোৰত ঘূৰি ফুৰি জিৰণি বিচাৰে আৰু এনে কোনো ঠাই বিচাৰি নাপালে সি কয়, ‘মই যি ঘৰৰ পৰা ওলাই আহিলোঁ সেই ঘৰলৈকে উভতি যাম’।
25. পাছত উভতি আহি সি যেতিয়া সেই ঘৰ খন সৰা পোচা আৰু সজোৱা-পৰোৱা দেখে,
26. তেতিয়া সি গৈ নিজতকৈ দুষ্ট আন সাতোটা ভূতৰ আত্মা লগত লৈ আহে, আৰু তাতে সোমাই নিবাস কৰে আৰু সেই মানুহ জনৰ শেষ অৱস্থা প্ৰথম অৱস্থাতকৈও বেয়া হৈ যায়।”
27. এই কথা কৈ থাকোতে এজনী তিৰোতাই লোক সকলৰ মাজৰ পৰা বৰ মাতেৰে তেওঁক ক’লে, “আপোনাক যি গর্ভই ধাৰণ কৰিলে আৰু যাৰ স্তন আপুনি পান কৰিলে তেওঁ ধন্য।”
28. কিন্তু তেওঁ ক’লে, “হয়, তথাপি যি সকলে ঈশ্বৰৰ বাক্য শুনি পালন কৰে তেওঁলোকহে ধন্য।”