A A A A A
एक साल में बाइबल
अप्रैल 21

বিচারকচরিত 7:1-25
1. যিৰুব্বাল অর্থাৎ গিদিয়োন আৰু তেওঁৰ লগত থকা সকলোৱে ৰাতিপুৱাতে উঠি হেৰোদ এলেকাৰ জুৰিৰ ওচৰত ছাউনি পাতিলে; তেওঁলোকৰ উত্তৰফালে মোৰি পাহাৰৰ ওচৰৰ উপত্যকা অঞ্চল মিদিয়নৰ আছিল।
2. যিহোৱাই গিদিয়োনক ক’লে, “তোমাৰ লোকসকলৰ সংখ্যা ইমান অধিক যে মই মিদিয়নীয়াসকলক তেওঁলোকৰ হাতত তুলি দিব নোৱাৰো; তেনে কৰিলে মোক বাদ দি ইস্ৰায়েলে অহংকাৰ কৰি ক’ব, ‘আমাৰ নিজৰ শক্তিৰেই আমি উদ্ধাৰ পালোঁ’।
3. সেয়ে লোকসকলৰ আগত এই কথা ঘোষণা কৰা, যিসকলে ভয় খাই কঁপি আছে, তেওঁলোকে গিলিয়দ পাহাৰ এৰি ঘৰলৈ উলটি যাওক; তাতে লোকসকলৰ মাজৰ পৰা বাইশ হাজাৰ লোক উভটি গ’ল কেৱল দহ হাজাৰ অৱশিষ্ট থাকিল।”
4. যিহোৱাই গিদিয়োনক ক’লে, “এতিয়াও লোকসকল অধিক আছে; তেওঁলোকক তুমি জুৰিৰ পানীলৈ নামি যাবলৈ কোৱা আৰু সেই ঠাইতে মই তোমাৰ হৈ তেওঁলোকৰ বাচনি কৰিম। যিজনৰ বিষয়ে মই তোমাক ক’ম এইজন লোক তোমাৰ লগত যাব, তেওঁ যাব; কিন্তু যদি মই কওঁ, এওঁ তোমাৰ লগত যাব নোৱাৰে, তেওঁ যাব নোৱাৰিব।”
5. তেতিয়া গিদিয়োনে লোকসকলক লৈ পানীৰ ওচৰলৈ নামি গ’ল। তাতে যিহোৱাই গিদিয়োনক ক’লে, “যি সকলে কুকুৰৰ নিচিনাকৈ জিভাৰে পানী চেলেকি খাব তেওঁলোকৰ পৰা যি সকলে পানী পিবৰ কাৰণে আঠু কাঢ়িব তেওঁলোকক পৃথক কৰা।”
6. তিনি শ মানুহে হাতেৰে মুখলৈ পানী তুলি চেলেকি খালে আৰু বাকী সকলোৱে পানী পিবলৈ আঁঠু কাঢ়ি ল’লে।
7. তেতিয়া যিহোৱাই গিদিয়োনক ক’লে, “চেলেকি পানী খোৱা এই তিনি শ লোকক লৈয়ে মই তোমালোকক উদ্ধাৰ কৰিম আৰু মিদিয়নীয়াসকলক তোমালোকৰ হাতত দিম; আন সকলো লোকক তেওঁলোকৰ নিজৰ ঠাইলৈ ঘূৰি যাবলৈ দিয়া।”
8. সেইদৰে গিদিয়োনে তিনি শ লোকক ৰাখি বাকী সকলো ইস্রায়েলীয়া লোকক নিজৰ তম্বুলৈ পঠাই দিলে। গিদিয়োনে তেওঁলোকৰ হাতত থকা খোৱা বস্তু আৰু শিঙাবোৰ ৰাখি থলে। সেই সময়ত মিদিয়নীয়াৰ ছাউনি গিদিয়োনৰ ছাউনিৰ তলৰ উপত্যকাত আছিল।
9. সেইদিনা ৰাতি যিহোৱাই তেওঁক ক’লে, “উঠা! ছাউনি আক্রমণ কৰা। কিয়নো মই সেই ছাউনি তোমাৰ হাতত দিলোঁ।
10. যদি তোমাৰ তললৈ নামি যাবলৈ ভয় লাগিছে, তেন্তে তোমাৰ দাস পুৰাক লগত লৈ ছাউনিলৈ নামি যোৱা।
11. সিহঁতে কি কয়, তুমি তাক শুনিবা; তাৰ পাছত ছাউনি আক্রমণ কৰিবলৈ তোমাৰ সাহস সবল কৰা হ’ব।” তেতিয়া গিদিয়োনে নিজৰ দাস পুৰাক লগত লৈ ছাউনিৰ সুৰক্ষা প্রহৰীৰ আস্থানৰ ওচৰলৈকে নামি গ’ল।
12. সেই উপত্যকাৰ মাজত মিদিয়নীয়া, অমালেকীয়া, আৰু পুব দেশীয় লোকসকলৰ ঘনবসতি ফৰিঙৰ জাকৰ দৰে আছিল। তেওঁলোকৰ উটবোৰৰ সংখ্যা গণিব নোৱাৰা সমুদ্রৰ তীৰৰ বালিৰ দৰে অগণন আছিল।
13. গিদিয়োন যেতিয়া সেই ঠাইত উপস্থিত হ’ল, তেতিয়া এজন মানুহে নিজৰ লগৰীয়াক এটা সপোনৰ কথা কৈ আছিল। তেওঁ ক’লে, “মই এটা সপোন দেখিলোঁ; মই দেখিলোঁ যে এটা যৱৰ পিঠা যেন বাগৰি বাগৰি মিদিয়নীয়াসকলৰ ছাউনিৰ ভিতৰত সোমাল। সেইটোৱে মিদিয়নীয়াসকলৰ তম্বুত আহি ইমান জোৰেৰে খুন্দা মাৰিলে যে তম্বুটো উলোটা হৈ চেপেটা খাই পৰিল।”
14. লগৰীয়াজনে ক’লে, “এইটো ইস্ৰায়েলীয়া যোৱাচৰ পুত্ৰ গিদিয়োনৰ তৰোৱালৰ বাহিৰে আন একো নহয়; ঈশ্বৰে মিদিয়নীয়া আৰু তেওঁলোকৰ গোটেই সৈন্যক গিদিয়োনৰ হাতত তুলি দিছে।”
15. গিদিয়োনে যেতিয়া সেই সপোন আৰু তাৰ অৰ্থৰ কথা শুনিলে, প্রার্থনাত তেওঁৰ মূৰ দোঁ খালে। তাৰ পাছত তেওঁ ইস্ৰায়েলৰ ছাউনিলৈ উলটি আহি ক’লে, “উঠা! যিহোৱাই আপোনালোকৰ হাতত মিদিয়নীয়া সৈন্যক শোধাই দিছে।”
16. সেই তিনি শ লোকক তেওঁ তিনি দল কৰি ভাগ কৰিলে আৰু তেওঁলোক প্ৰতিজনৰ হাতত এটাকৈ শিঙা, এটা খালী কলহ, আৰু কলহৰ ভিতৰত এটাকৈ জ্বলন্ত জোঁৰ দিলে।
17. তাৰ পাছত গিদিয়োনে তেওঁলোকক ক’লে, আপোনালোকে মোক লক্ষ্য কৰি থাকিব আৰু মই যিহকে কৰোঁ, আপোনালোকেও তাক কৰিব। চাই থাকিব! মই যেতিয়া ছাউনিৰ কাষ পাম, মই কৰাৰ দৰেই আপোনালোকে কৰিব।
18. মই আৰু মোৰ সঙ্গীবোৰে শিঙা বজালে আপোনালোকেও গোটেই ছাউনিৰ চাৰিওকাষে থাকি শিঙা বজাব আৰু চিঞঁৰি চিঞঁৰি ক’ব, “যিহোৱা আৰু গিদিয়োনৰ কাৰণে!”
19. মধ্যপ্ৰহৰ ৰ আৰম্ভণীতে মিদিয়নীয়াসকলে যেতিয়া সুৰক্ষাপ্রহৰীসকলৰ পাল সলনি কৰিছিল, ঠিক সেই সময়তে গিদিয়োন আৰু তেওঁৰ লগৰ এশ লোকে ছাউনিৰ কাষলৈ গ’ল। তেওঁলোকে শিঙাবোৰ বজাই নিজৰ নিজৰ হাতত থকা কলহবোৰ ভাঙি পেলালে।
20. এইদৰে তিনিওটা দলে একেলগে শিঙাবোৰ বজাই হাতৰ কলহ ভাঙিলে। বাওঁ হাতত জোঁৰ আৰু সোঁ হাতেৰে বজাবৰ কাৰণে শিঙা লৈ তেওঁলোকে চিঞঁৰি ক’বলৈ ধৰিলে, “যিহোৱা আৰু গিদিয়োনৰ তৰোৱাল”।
21. গিদিয়োনৰ লোকসকল ছাউনিৰ চাৰিওফালে যেতিয়া নিজ নিজ ঠাইত থিয় হৈ থাকিল। তেতিয়া সকলো মিদিয়নীয়া সৈন্যই লৰা-ঢাপৰা কৰি চিঞঁৰি পলাবলৈ ধৰিলে।
22. তিনিশ শিঙা বজাই দিওঁতে, যিহোৱাই এনে কৰিলে যাৰ ফলত প্ৰতিজন মিদিয়নীয়াৰ তৰোৱাল তেওঁলোকৰ নিজৰ লগৰীয়া আৰু সৈন্যসকলৰে বিৰুদ্ধে চলিল; তাতে মিদিয়নীয়া সৈন্যসকলে টব্বতৰ ওচৰত থকা আবেল-মহোলাৰ সীমা পর্যন্ত আৰু চৰেৰাৰ ফালে বৈৎচিত্তালৈকে পলাই গ’ল।
23. তেতিয়া নপ্তালী, আচেৰ, আৰু মনচি ফৈদৰ পৰা ইস্ৰায়েলৰ লোকসকল একগোট হৈ মিদিয়নীয়াসকলৰ পাছে পাছে খেদি গ’ল।
24. পাছত গিদিয়োনে ইফ্ৰয়িমৰ পাহাৰীয়া এলেকাৰ সকলো ফালে বার্তাবাহক পঠাই ক’লে, “আপোনালোক নামি আহঁক আৰু মিদিয়নৰ বিৰুদ্ধে আক্রমণ কৰক। মিদিয়নীয়াসকল গৈ পোৱাৰ আগেয়ে সিহঁতক ভেটিবলৈ বৈৎ-বাৰা পর্যন্ত আৰু যৰ্দ্দন নদী দখল কৰি লওঁক।” তেতিয়া ইফ্ৰয়িমৰ সকলো লোকে গোট খাই বৈৎ-বাৰালৈকে সকলো সৰু সৰু নদী আৰু যৰ্দ্দনৰ পাৰ-ঘাট দখল কৰি ল’লে।
25. তেওঁলোকে ওৰেব আৰু জেব নামৰ দুজন মিদিয়নীয়া নেতাক ধৰিলে; ওৰেবক ‘ওৰেবৰ শিলত’ বধ কৰিলে আৰু জেবক ‘জেবৰ দ্ৰাক্ষাগুটি মৰা ক্ষেত্র’ত বধ কৰিলে। তেওঁলোকে মিদিয়নীয়াসকলক খেদি পঠালে আৰু যৰ্দ্দনৰ সিপাৰে থকা গিদিয়োনৰ ওচৰলৈ ওৰেব আৰু জেবৰৰ মূৰ লৈ আহিল।

বিচারকচরিত 8:1-35
1. ইফ্ৰয়িম ফৈদৰ লোকসকলে গিদিয়োনক সুধিলে, “আপুনি আমাৰ লগত কিয় এনে ব্যৱহাৰ কৰিলে? মিদিয়নীয়াৰ সৈতে যুদ্ধ কৰিবলৈ যোৱাৰ সময়ত আপুনি আমাক নামাতিলে।” এইদৰে তেওঁলোকে গিদিয়োনৰ সৈতে বিবাদ কৰিবলৈ ধৰিলে।
2. তেওঁ তেওঁলোকক ক’লে, “এতিয়া আপোনালোকৰ তুলনাত মইনো এনে কি কাম কৰিলোঁ? অবীয়াচৰ বংশধৰৰ মাজত তোলা সমস্ত আঙুৰৰ খেতিৰ শস্যতকৈ জানো ইফ্ৰয়িমৰ ভূমিত তোলা আঙুৰবোৰ উত্তম নহয়?
3. ঈশ্বৰে আপোনালোকৰ হাতত মিদিয়নীয়াসকলৰ নেতা ওৰেব আৰু জেবক সমৰ্পণ কৰিলে। আপোনালোকৰ তুলনাত মইনো বিশেষ কি কৰিব পাতিলোঁ?” গিদিয়োনৰ এনে কথা শুনাৰ পাছত তেওঁৰ প্রতি থকা তেওঁলোকৰ খং নাইকিয়া হ’ল।
4. গিদিয়োন আৰু তেওঁৰ লগত থকা তিনি শ লোকে মিদিয়নীয়া শত্ৰুবোৰক খেদি খেদি গৈ যৰ্দ্দন নদীৰ ওচৰলৈকে আহি নদীখন পাৰ হ’ল। তেতিয়া তেওঁলোক অতি ক্লান্ত হৈ পৰিছিল।
5. সেয়ে গিদিয়োনে চুক্কোতৰ অধিবাসীসকলক ক’লে, “দয়া কৰি মোৰ পাছে পাছে অহা সৈন্যবোৰক কিছু পিঠা খাবলৈ দিয়ক; কিয়নো তেওঁলোক অতিশয় পৰিশ্রান্ত হৈ পৰিছে। মই মিদিয়নীয়াসকলৰ ৰজা জেবহ আৰু চলমুন্নাৰ পাছে পাছে খেদি আহিছোঁ।”
6. তেতিয়া চুক্কোতৰ নেতাসকলে ক’লে, “আমি বুজা নাই কিয় আমি আপোনাৰ সৈন্যবোৰক পিঠা খাবলৈ দিব লাগে? জেবহ আৰু চলমুন্না জানো এতিয়া তোমাৰ হাতত আহিল?”
7. তেতিয়া গিদিয়োনে ক’লে, “যেতিয়া যিহোৱাই জেবহ আৰু চলমুন্নাক মোৰ হাতত তুলি দিব, তেতিয়া মই মৰুভূমিৰ কাঁইট আৰু কাঁইটীয়া গছৰ আঘাতেৰে আপোনালোকৰ গাৰ মঙহ ছিৰি পেলাম।”
8. তাৰ পাছত গিদিয়োন তাৰ পৰা পনুৱেললৈ উঠি গ’ল আৰু সেই ঠাইৰ লোকসকলৰ ওচৰতো একেদৰে ক’লে। তাতে চুক্কোতৰ লোকসকলে যেনেকৈ কৈছিল, তেওঁলোকেও একে উত্তৰ দিলে।
9. তেতিয়া তেওঁ পনুৱেলৰ লোকসকলক ক’লে, “কুশলে যেতিয়া পুনৰ উলটি আহিম, মই এই কোঁঠ ভাঙি পেলাম।”
10. সেই সময়ত জেবহ আৰু চলমুন্না প্রায় পোন্ধৰ হাজাৰ সৈন্যৰ দল লৈ কৰ্কোৰত আছিল; পূর্বদেশৰ সৈন্যসকলৰ মাজত কেৱল এওঁলোকেই তেতিয়া অৱশিষ্ট আছিল; কিয়নো তেওঁলোকৰ তৰোৱাল ধৰা এক লাখ বিশ হাজাৰ সৈন্য হত হ’ল।
11. পাছত গিদিয়োনে নোবহ আৰু যগ্বেহাৰ চহৰৰ পুবফালে তম্বুবাসী লোকসকলৰ নমাদ বাটেদি উঠি গৈ শত্রুপক্ষৰ ছাউনি পালে। সেই সময়ত শত্রুসকল আক্রমণৰ বাবে প্রস্তুত নাছিল আৰু গিদিয়োনে গৈ তেওঁলোকক পৰাস্ত কৰিলে।
12. জেবহ আৰু চলমুন্না পলাই গ’ল; কিন্তু গিদিয়োনে মিদিয়নীয়াসকলৰ সেই দুজন ৰজা জেবহ আৰু চলমুন্নাক খেদি খেদি ধৰিলে। তেতিয়া তেওঁলোকৰ সৈন্যদলৰ সকলোৱে গিদিয়োনৰ ভয়ত আতঙ্কিত হ’ল।
13. তাৰ পাছত যোৱাচৰ পুত্ৰ গিদিয়োনে হেৰচৰ গিৰিপথেদি যুদ্ধৰ পৰা উলটি আহিছিল।
14. গিদিয়োনে চুক্কোত নিবাসীসকলৰ এজন যুৱকক ধৰি আনিলে আৰু তেওঁৰ পৰা পৰামর্শ বিচাৰিলে; যুৱকজনে চুক্কোতৰ সাতসত্তৰজন নেতা আৰু জ্যেষ্ঠলোকৰ নাম ক’লে।
15. গিদিয়োনে চুক্কোতবাসীসকলৰ ওচৰলৈ আহি ক’লে, “এইয়া চোৱা, জেবহ আৰু চলমুন্না! এওঁলোকৰ বাবেই আপোনালোকে মোক ঠাট্টা কৰি কৈছিলে, ‘আমি বুজা নাই, কিয় আমি আপোনাৰ সৈন্যবোৰক পিঠা খাবলৈ দিব লাগে। আপুনি জানো জেবহ আৰু চলমুন্নাক জয় কৰিলে’?”
16. এইবুলি কৈ তেওঁ চুক্কোতৰ জ্যেষ্ঠসকলক ধৰি আনি মৰুভূমিৰ কাঁইট আৰু কাঁইটীয়া গছেৰে আঘাত কৰি শাস্তি দিলে।
17. তেওঁ পনুৱেলৰ কোঁঠটোও ভাঙি পেলালে আৰু সেই নগৰৰ লোকসকলক বধ কৰিলে।
18. তাৰ পাছত তেওঁ জেবহ আৰু চলমুন্নাক সুধিলে, “তাবোৰত আপোনালোকে কেনে লোকসকলক বধ কৰিছিলে?” তেওঁলোকে উত্তৰ দিলে, “আপুনি যেনেকুৱা, তেওঁলোকো তেনেকুৱা আছিল; তেওঁলোক প্ৰতিজন দেখাত ৰাজপুত্র সদৃশ আছিল।”
19. গিদিয়োনে ক’লে, “সেইসকল মোৰ ভাই আছিল; মোৰ আইৰ সন্তান; জীৱন্ত ঈশ্বৰৰ শপত, আপোনালোকে যদি তেওঁলোকক জীয়াই ৰাখিলোঁহেঁতেন, তেন্তে মই আপোনালোকক বধ নকৰিলোঁহেঁতেন।”
20. তাৰ পাছত তেওঁ নিজৰ বৰ পুতেক যেথৰক ক’লে, “উঠি, ইহঁতক বধ কৰ!” কিন্তু সেই কুমলীয়া ল’ৰাজনে নিজৰ তৰোৱাল নুলিয়ালে; সি তেতিয়া অল্পবয়সীয়া ল’ৰা আছিল বাবে ভয় কৰিলে।
21. তেতিয়া জেবহ আৰু চলমুন্নাই গিদিয়োনক ক’লে, “আপুনিয়েই উঠি আমাক বধ কৰক! কিয়নো যি যেনে মানুহ, তাৰ শক্তিও তেনে।” তেতিয়া গিদিয়োনে উঠি জেবহ আৰু চলমুন্নাক বধ কৰিলে, আৰু তেওঁলোকৰ উটৰ ডিঙিৰ পৰা চন্দ্ৰহাৰবোৰ খুলি ল’লে।
22. পাছত ইস্ৰায়েলৰ লোকসকলে গিদিয়োনক ক’লে, “আপুনি মিদিয়নীয়াসকলৰ হাতৰ পৰা আমাক উদ্ধাৰ কৰিলে; এতিয়া আপুনি, আপোনাৰ পুত্র, নাতি সকলোৱে আমাৰ ওপৰত শাসন কৰক।”
23. তেতিয়া গিদিয়োনে তেওঁলোকক ক’লে, “মই বা মোৰ পুত্রই আপোনালোকৰ ওপৰত শাসন নকৰিব; যিহোৱাইহে আপোনালোকৰ ওপৰত শাসন কৰিব।”
24. গিদিয়োনে তেওঁলোকক পুনৰ ক’লে, “কিন্তু আপোনালোকৰ ওচৰত মোৰ এটি অনুৰোধ আছে, আপোনালোকৰ লুটৰ ভাগৰ পৰা প্ৰতিজনে মোক এটাকৈ কাণৰ গহনা দিয়ক।” কিয়নো মিদিয়নীয়াসকল আছিল ইস্মায়েলৰ বংশৰ লোক আৰু তেওঁলোকে কাণত সোনৰ গহনা পিন্ধা প্রচলিত আছিল।
25. তেওঁলোকে উত্তৰ দিলে, “আমি আনন্দ মনেৰে আপোনাক সেয়া দিম।” তাৰ পাছত তেওঁলোকে এখন কাপোৰ পাৰি তাৰ মাজত প্ৰতিজনে লুটি অনা নিজ নিজ কাণৰ গহনা পেলালে।
26. তাতে তেওঁ অনুৰোধ কৰি পোৱা সেই সোনৰ কাণফুলিবোৰৰ ওজন এক হাজাৰ সাত শ চেকল হ’ল; তাৰ বাহিৰেও চন্দ্ৰহাৰ, ‘লকেট’, মিদিয়নীয়া ৰজাসকলে পিন্ধা বেঙেনা বৰণীয়া বস্ত্ৰ আৰু তেওঁলোকৰ উটবোৰে পিন্ধা ডিঙিৰ হাৰ আছিল।
27. তাৰ পাছত গিদিয়োনে সেই সোণবোৰ লৈ এখন এফোদ তৈয়াৰ কৰি তেওঁ নিজৰ নগৰ অফ্রাত ৰাখিলে; ইস্রায়েলীয়াসকলে সেই ঠাইত একমাত্র ঈশ্বৰৰ পৰিবর্তে এফোদৰ পূজা কৰি নিজকে ব্যভিচাৰী কৰিলে; এয়ে গিদিয়োন আৰু তেওঁৰ পৰিয়াললৈ এক ফান্দস্বৰূপ হ’ল।
28. এইদৰেই মিদিয়নীয়াসকল ইস্ৰায়েলৰ লোকসকলৰ তলতীয়া হৈ থাকিল; তেওঁলোকে পুনৰ মূৰ দাঙিব নোৱাৰিলে। গিদিয়োনৰ কালত দেশ চল্লিশ বছৰলৈকে সুস্থিৰে থাকিল।
29. তাৰ পাছত যোৱাচৰ পুত্ৰ যিৰুব্বালে নিজৰ ঘৰলৈ গৈ তাতে বাস কৰিলে।
30. গিদিয়োনৰ বহুতো ভার্য্যা আছিল আৰু সেয়ে তেওঁ সত্তৰজন পুত্রৰ পিতৃ আছিল।
31. চিখিমত তেওঁৰ এগৰাকী উপপত্নী আছিল। তেওঁৰ ঔৰসতো গিদিয়োনৰ এটি পুত্ৰ আছিল। গিদিয়োনে তেওঁৰ নাম অবীমেলক দিছিল।
32. যোৱাচৰ পুত্ৰ গিদিয়োনৰ অতি বৃদ্ধ বয়সত মৃত্যু হ’ল। অবীয়েজ্ৰীয়াসকলৰ অফ্রাত তেওঁৰ পিতৃ যোৱাচৰ সমাধিস্থলত তেওঁক মৈদাম দিয়া হ’ল।
33. গিদিয়োনৰ মৃত্যুৰ পাছতেই ইস্ৰায়েলৰ সন্তান সকল পুনৰায় ঈশ্বৰৰ অবিশ্বাসী হ’ল আৰু তেওঁলোকে বাল-দেৱতাবোৰক পূজা-অর্চনা কৰি নিজক ব্যভিচাৰী কৰিলে। তেওঁলোকে বাল-বৰীৎ ক নিজৰ দেৱতা বুলি মানিলে।
34. তেওঁলোকৰ চাৰিওফালে থকা সকলো শত্ৰুবোৰৰ হাতৰ পৰা যি জনা ঈশ্বৰে তেওঁলোকক উদ্ধাৰ কৰিছিল, ইস্রায়েলে তেওঁলোকৰ সেই ঈশ্বৰ যিহোৱাক সন্মান দিবলৈ পাহৰি গ’ল।
35. যিৰুব্বালে ইস্রায়েলত যি সকলো উপকাৰ সাধি গ’ল, তাৰ বিপৰীতে লোক সকলে তেওঁৰ বংশৰ প্রতি কৰা প্রতিজ্ঞাত বিশ্বস্ত হৈ নাথাকিল।

সামসঙ্গীত 49:10-20
10. আমি দেখা পাওঁ যে জ্ঞানী লোকৰো মৃত্যু হয়; নির্বোধ আৰু বিবেকহীন লোকৰ দৰেই তেওঁলোক বিনষ্ট হয়। তেওঁলোকে নিজৰ ধন-সম্পদ আনৰ কাৰণে এৰি থৈ যায়।
11. তেওঁলোকৰ মৈদাম, তেওঁলোকৰ ঘৰ-বাৰী চিৰস্থায়ী, তেওঁলোকৰ আবাসবোৰ পুৰুষানুক্ৰমে থাকিব, সেয়ে নিজৰ নামেৰেই তেওঁলোকে মাটিৰ নাম দিয়ে।
12. কিন্তু মানুহ ঐশ্বর্যশালী হ’লেও, চিৰস্থায়ী নহয়; তেওঁলোক পশুবোৰৰ দৰেই বিনষ্ট হৈ যাব।
13. যিসকলে নিজৰ প্রাচুর্যতাত ভাৰসা কৰে, আৰু তেওঁলোকৰ পাছত যিসকল লোকে তেওঁলোকৰ কথাত হয়ভৰ দি চলে, সেই হঠকাৰীসকলৰ দশাও তেনেকুৱা হ’ব। (চেলা)
14. তেওঁলোক চিয়োলৰ কাৰণে নিযুক্ত হোৱা মেৰ-ছাগৰ জাক স্বৰূপ; মৃত্যুয়েই তেওঁলোকৰ ৰখীয়া হ’ব; তেওঁলোক চিয়োললৈ নামি যাব । তেওঁলোকৰ ৰূপ চিয়োলত নষ্ট হ’ব; তেওঁলোকৰ বাসস্থান বুলি একো নাথাকিব।
15. কিন্তু চিয়োলৰ হাতৰ পৰা ঈশ্বৰে মুক্তিৰ মূল্য দি মোৰ প্ৰাণ মুক্ত কৰিব; মোক তেওঁৰ নিজৰ ওচৰত গ্ৰহণ কৰি ল’ব। (চেলা)।
16. যেতিয়া কোনো মানুহ ধনী হয়, ভয় নাখাবা; তেওঁৰ পৰিয়ালৰ গৌৰৱ যেতিয়া বৃদ্ধি পায়, তুমি ভয় নকৰিবা।
17. কিয়নো তেওঁলোকে মৰণৰ কালত একোকে লৈ নাযাব; তেওঁলোকৰ ধন-সম্পদ তেওঁলোকৰ লগত নামি নাযাব।
18. যদিও জীৱন কালত তেওঁলোকে নিজক সুখী বুলি ভাৱে, কিয়নো তোমালোকৰ নিজৰ ভাল অৱস্থা হ’লে, মানুহে তোমালোকক সুখী বুলি প্ৰশংসা কৰে;
19. তথাপিও নিজৰ পূর্বপুৰুষসকলৰ ওচৰলৈ তেওঁলোক যাবই লাগিব, যিসকলে পুনৰ কেতিয়াও পোহৰ দেখিবলৈ নাপাব।
20. কিন্তু মানুহ ঐশ্বর্যশালী হ’লেও চিৰস্থায়ী নহয়; তেওঁলোক পশুবোৰৰ দৰেই বিনষ্ট হৈ যাব।

প্রবচন 14:22-24
22. যি সকলে বেয়া পৰিকল্পনা কৰে, তেওঁলোক জানো বিপথগামী নহয়? কিন্তু যি সকলে মঙ্গল কল্পনা কৰে, তেওঁলোক বিশ্বস্ততা আৰু বিশ্বাসযোগ্য চুক্তি গ্রহণ কৰিব।
23. সকলো কঠিন পৰিশ্ৰমৰ দ্বাৰাই লাভ হয়; কিন্তু যেতিয়া কেৱল আলোচনা হয়, তেতিয়া দৰিদ্রতালৈ আগবাঢ়ি যায়।
24. জ্ঞানী লোকসকলৰ সম্পত্তি তেওঁলোকৰ মুকুট; কিন্তু অজ্ঞানীৰ মূৰ্খতাই কেৱল অধিক মূৰ্খতাহে আনে।

লূক 15:11-32
11. তেওঁ পুনৰ ক’লে, “কোনো এজন মানুহৰ দুজন পুতেক আছিল;
12. সৰুটোৱে বাপেকক ক’লে, ‘দেউতা ধন, সম্পত্তিৰ যি ভাগ মই পাওঁ, সেই ভাগ মোক দিয়ক’। তেতিয়া তেওঁ নিজৰ সম্পত্তি সিহঁতক ভগাই দিলে।
13. অলপ দিনৰ পাছত, সেই জন সৰু পুতেকে সকলো গোটাই দূৰ দেশলৈ যাত্ৰা কৰি তাত লম্পট আচৰণ কৰি সকলো সম্পত্তি অপব্যয় কৰিলে।
14. তাতে সকলো ধন ব্যয় হোৱাত, সেই দেশত তেওঁৰ বৰ আকাল হ’ল আৰু তাতে সৰু পুতেক জনে কষ্ট পাবলৈ ধৰিলে।
15. তেতিয়া তেওঁ গৈ সেই দেশৰ এজন মানুহৰ আশ্ৰয়ত কাম কৰিবলৈ ল’লে। তাতে সেই মানুহ জনে তেওঁক গাহৰি চৰাবলৈ নিজৰ পথাৰলৈ পঠিয়াই দিলে।
16. তেওঁ গাহৰিয়ে খোৱা দানাৰে তৃপ্ত হবলৈ বৰ হেপাঁহ কৰিলে, কাৰণ তাতে তেওঁক কোনেও একো খাবলৈ দিয়া নাছিল।
17. শেষত তেওঁ চেতনা পাই ক’লে, ‘মোৰ পিতৃৰ ওচৰত বহুত চাকৰে পেত ভৰাই খাবলৈ পাই কিন্তু ইয়াত মই ভোকৰ জ্বালাত মৰিছোঁ।
18. মই এতিয়া দেউতাৰ ঘৰলৈ গৈ এই কথা কম, স্বৰ্গৰ অহিতে আৰু আপোনাৰ দেখাত পাপ কৰিলোঁ;
19. আপোনাৰ পুত্ৰ বুলি মতাৰ যোগ্য নহওঁ; মোক আপোনাৰ এটা চাকৰৰ নিচিনাকৈ হলেও ৰাখক’।
20. পাছত তেওঁ তেনে ভাবেৰেই দেউতাকৰ ওচৰলৈ আহিল। কিন্তু তেওঁ ঘৰৰ পৰা দূৰৈত থাকোতেই, দেউতাকে দেখিলে আৰু তেওঁক চাই মৰম লগাত চুমা খালে।
21. তেতিয়া পুতেকে ক’লে, ‘দেউতা স্বৰ্গৰ অহিতে আৰু আপোনাৰ দেখাত, মই পাপ কৰিলোঁ। আপোনাৰ পুত্ৰ বুলি মোক মাতিবলৈও মই এতিয়া যোগ্য নহওঁ’।
22. কিন্তু বাপেকে দাসবোৰক ক’লে, ‘আটাইতকৈ উত্তম বস্ত্ৰ বেগাই আনি এওঁক পিন্ধাই দে; এওঁৰ হাতত আঙঠি, ভৰিত জোতা দে;
23. পোহনীয়া দামুৰিটো আনি মাৰ৷ আহা, আমি ভোজন কৰি, ৰং কৰোঁহক;
24. কিয়নো মোৰ এই লৰা মৰি গৈছিল আৰু এতিয়া এওঁ জীৱন পাইছে। এওঁ হেৰাই গৈছিল কিন্তু এতিয়া বিচাৰি পাইছোঁ’। এনেদৰে কৈ তেওঁ আনন্দ কৰিবলৈ ধৰিলে।
25. সেই সময়ত বৰ পুতেক পথাৰত আছিল। পাছত তেওঁ আহি ঘৰৰ ওচৰ পাই, বাজনা আৰু নচাৰ শব্দ শুনিলে।
26. তেতিয়া দাসবোৰৰ এটাক মাতি সুধিলে, ‘এইবোৰ নো কি হৈছে’?
27. তেতিয়া দাস জনে ক’লে, ‘তোমাৰ ভায়েৰা আহিল; আৰু তোমাৰ পিতৃয়ে তেওঁক সুস্থ শৰীৰে পোৱা হেতুকে, পোহনীয়া দামুৰিটো মাৰিব দিলে’।
28. তেতিয়া তেওঁৰ খং উঠিল আৰু ভিতৰলৈ যাবলৈ ইচ্ছা নকৰিলে; পাছত দেউতাক ওলাই আহিল আৰু তেওঁক বিনয়েৰে বুজালে,
29. তেতিয়া বৰ পুত্ৰই বাপেকক উত্তৰ দি ক’লে, ‘চাওক, ইমান বছৰে মই আপোনাৰ সেৱা কৰিলোঁ, কেতিয়াও মই আপোনাৰ আজ্ঞা উলঙ্ঘন কৰা নাই; তথাপি মোৰ বন্ধু সকলৰ লগত প্ৰীতি ভোজ কৰিবলৈ এটি ছাগলী পোৱালিও আপুনি মোক দিয়া নাই।
30. কিন্তু আপোনাৰ সৰু লৰা বেশ্যাৰ লগত সকলো ধন-সম্পত্তি খৰছ এতিয়া ঘূৰি আহিছে আৰু আপুনি সি ঘুৰি অাহোতেই তাৰ কাৰণে পোহনীয়া দামুৰিটো মাৰিলে’।
31. তেতিয়া বাপেকে সেই ল’ৰাক ক’লে, ‘বোপা তুমি সদায় মোৰ লগত আছা আৰু মোৰ যি যি আছে, সকলো তোমাৰেই।
32. কিন্তু তোমাৰ এই ভায়েৰা মৰা হৈয়ো আকৌ জীয়াই উঠিল; হেৰোৱা হৈয়ো পালোঁ; এই কাৰণে আমি প্ৰীতি ভোজ পাতি আনন্দ কৰিব লাগে৷’”