A A A A A
एक साल में बाइबल
अप्रैल 17

যোশুয়া 23:1-16
1. এইদৰে যিহোৱাই ইস্ৰায়েলক তেওঁলোকৰ চাৰিওফালে থকা আটাই শত্ৰুৰ পৰা জিৰণী দিয়াৰ পাছত যিহোচূৱা বুঢ়া আৰু অতিশয় বৃদ্ধ হ’ল৷
2. তেতিয়া তেওঁ গোটেই ইস্ৰায়েলক, তেওঁলোকৰ বৃদ্ধ আৰু অধ্যক্ষসকলক, বিচাৰকৰ্ত্তা আৰু বিষয়াসকলক মতাই আনি তেওঁলোকক ক’লে, “মই বুঢ়া আৰু অতিশয় বৃদ্ধ হ’লো।
3. তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ কাৰণে এই সকলো জাতিলৈ যি যি কৰিলে, সেই বিষয়ে তোমালোকে দেখি আছাহঁক, কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই নিজে তোমালোকৰ পক্ষে যুদ্ধ কৰিলে।
4. চোৱা! যি যি জাতিক মই উচ্ছন্ন কৰিলোঁ, তেওঁলোকৰ দেশৰে সৈতে, যৰ্দ্দনৰ পৰা সূৰ্য মাৰ যোৱা ফালে মহা সমুদ্ৰলৈকে সকলো অৱশিষ্ট থকা জাতিৰ দেশ মই তোমালোকৰ ফৈদবোৰক আধিপত্যৰ অৰ্থে চিঠি-খেলৰ দ্বাৰাই ভগাই দিলোঁ।
5. তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ আগৰ পৰা তেওঁলোকক গতিয়াই পঠাব আৰু তোমালোকৰ চকুৰ আগৰ পৰা সিহঁতক দূৰ কৰিব৷ তাতে তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক কোৱাৰ দৰে, তোমালোকে সিহঁতৰ দেশ অধিকাৰ কৰিবা।
6. এতেকে, তোমালোকে মোচিৰ বিধান অনুসাৰে সোঁ কি বাওঁফালে যেন নুঘূৰিবা,
7. তোমালোকৰ মাজত অৱশিষ্ট থকা এই জাতি সমূহৰ মাজত নুসোমাবা, তেওঁলোকৰ দেৱতাৰ নাম নলবা, সেইবোৰৰ নামেৰে শপত নাখাবা, সেইবোৰক পূজা নকৰিবা আৰু সেইবোৰৰ আগত প্ৰণিপাত নকৰিবা৷
8. কিন্তু আজিলৈকে যেনেকৈ কৰি আহিছা, তেনেকৈ যেন নিজ ঈশ্বৰ যিহোৱাত আসক্ত হৈ থাকা, এই কাৰণে মোচিৰ বিধান-পুস্তকত লিখা সকলো কথা পালন কৰি, তাৰ দৰে আচৰণ কৰিবলৈ অতিশয় সাহ কৰা।
9. কিয়নো যিহোৱাই তোমালোকৰ আগৰ পৰা মহৎ আৰু বলৱান জাতি সমূহক দূৰ কৰিলে৷ আৰু তোমালোকৰ আগত আজিলৈকে কোনেও থিয় হ’ব পৰা নাই।
10. তোমালোকৰ এজনেই হাজাৰ জনক খেদি দিব; কিয়নো, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক যেনেকৈ কৈছিল, তেনেকৈ তেওঁ নিজেই তোমালোকৰ পক্ষে যুদ্ধ কৰোঁতা।
11. এই হেতুকে তোমালোকে নিজ নিজ প্ৰাণৰ বিষয়ে অতিশয় সাৱধান হৈ, তোমালোকৰ ঈশ্বৰ যিহোৱাক প্ৰেম কৰা৷
12. নাইবা যদি কোনো প্ৰকাৰে বিমুখ হৈ, সেই জাতিবোৰৰ বাকী থকা যি অৱশিষ্ট লোক তোমালোকৰ মাজত আছে, তেওঁলোকত আসক্ত হোৱা, তেওঁলোকৰ লগত বিবাহৰ সম্বন্ধ কৰা আৰু তোমালোকৰ লগত তেওঁলোকৰ বা তেওঁলোকৰ লগত তোমালোকৰ আলাপ ব্যৱহাৰ হয়,
13. তেন্তে, নিশ্চয়ে জানিবা যে, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ আগৰ পৰা সেই জাতি সমূহক দূৰ নকৰিব৷ কিন্তু তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক দিয়া এই উত্তম দেশৰ পৰা তোমালোক বিনষ্ট নোহোৱালৈকে সিহঁত তোমালোকৰ জাল আৰু ফান্দ, গাত কোবোৱা চাবুক আৰু চকুত লগা কাঁইট স্বৰূপ হৈ থাকিব।
14. চোৱা, গোটেই পৃথিৱীৰ লোকে যোৱা পথেদি মই আজি যাওঁ । আৰু তোমালোকে সকলো মনেৰে সকলো জ্ঞানেৰে ইয়াক জ্ঞাত হোৱা যে, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ বিষয়ে যিমান কুশলৰ বাক্য ক’লে, তাৰ এটিও বিফল হোৱা নাই; তোমালোকৰ পক্ষে সেই সকলো সিদ্ধ হ’ল, এটিও নিষ্ফল হোৱা নাই।
15. কিন্তু তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক যি যি কুশলৰ বাক্য কৈছিল, সেই সকলো যেনেকৈ তোমালোকৰ পক্ষে সিদ্ধ হ’ল, সেইদৰে তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক দিয়া এই উত্তম দেশৰ পৰা তোমালোকক বিনষ্ট কৰি নটায় মানে, তেওঁ তোমালোকলৈ সকলো অমঙ্গলৰ বাক্যও সিদ্ধ কৰিব।
16. নিজ ঈশ্বৰ যিহোৱাই তোমালোকক আদেশ কৰা নিয়মটি যদি তোমালোকে লঙ্ঘন কৰা আৰু তোমালোকে যদি আন দেৱতাবোৰক পূজা কৰা আৰু সেইবোৰৰ আগত প্ৰণিপাত কৰা, তেন্তে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ ক্ৰোধ তোমালোকৰ বিৰুদ্ধে জ্বলি উঠিব আৰু তেওঁ তোমালোকক দিয়া এই উত্তম দেশৰ পৰা, তোমালোক সোনকালে বিনষ্ট হ’বা।”

যোশুয়া 24:1-33
1. পাছত যিহোচূৱাই ইস্ৰায়েলৰ সকলো ফৈদক চিখিমত গোট খোৱালে আৰু তেওঁলোকৰ বৃদ্ধ লোকসকলক, অধ্যক্ষসকলক, বিচাৰকৰ্ত্তাসকলক আৰু বিষয়াসকলক মতাই আনিলে, তেতিয়া তেওঁলোকে ঈশ্ৱৰৰ সাক্ষাতে উপস্থিত হ’ল।
2. যিহোচূৱাই লোক সকলক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘আগৰ কালত তোমালোকৰ পূর্ব পুৰুষ - অব্ৰাহাম আৰু নাহোৰৰ পিতৃ তেৰহ, ইউফ্ৰেটিচ নদীৰ সিপাৰে বাস কৰিছিল আৰু তেওঁলোকে অন্য দেৱতা বোৰক পূজা কৰিছিল।
3. পাছত মই তোমালোকৰ আদি পিতৃ অব্ৰাহামক নদীৰ সিপাৰৰ পৰা আনি, কনান দেশৰ সকলো ফালে লৈ ফুৰালোঁ আৰু মই তেওঁৰ পুত্ৰ ইচহাকৰ দ্ৱাৰা তেওঁৰ বংশ বৃদ্ধি কৰিলোঁ৷
4. আৰু ইচহাকলৈ মই যাকোব আৰু এচৌক দিলোঁ৷ এচৌৰ অধিকাৰৰ অৰ্থে মই তেওঁক চেয়ীৰ পৰ্ব্বত দিলোঁ, কিন্তু যাকোব আৰু তেওঁৰ সন্তান সকল হ’লে মিচৰলৈ নামি গ’ল।
5. তাৰ পাছত মই মোচি আৰু হাৰোণক পঠিয়ালোঁ আৰু মিচৰৰ লোক সকলৰ ওপৰত কৰা মোৰ কাৰ্যৰ দ্বাৰাই তেওঁলোকলৈ মহা আপদ ঘটালোঁ৷ তাৰ পাছত মই তোমালোকক উলিয়াই আনিলো।
6. মই মিচৰৰ পৰা তোমালোকৰ পূর্ব পুৰুষ সকলক উলিয়াই অানিলো আৰু তোমালোকৰ সেই পুৰুষসকল আহি সমুদ্ৰ পালে; তেতিয়া মিচৰীয়া লোক সকলে ৰথ আৰু অশ্বাৰোহী সৈন্য লৈ, চূফ সাগৰলৈকে তোমালোকৰ পূর্ব পুৰুষ সকলৰ পাছে পাছে খেদি আহিছিল।
7. সেই সময়ত যেতিয়া তোমালোকৰ পূর্ব পুৰুষ সকলে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে, তেতিয়া যিহোৱাই মিচৰীয়াসকলৰ আৰু তোমালোকৰ মাজত অন্ধকাৰ স্থাপন কৰিলে৷ তেওঁ তেওঁলোকৰ ওপৰলৈ সমুদ্ৰ আনিলে আৰু তেওঁলোকক ঢাকি পেলালে৷ মই মিচৰত কৰা কাৰ্য তোমালোকে নিজ চকুৰে দেখিলা৷ তাৰ পাছত তোমালোকে বহুকাল মৰুপ্ৰান্তত বাস কৰিলা।
8. তাৰ পাছত মই তোমালোকক যৰ্দ্দনৰ সিপাৰে থকা ইমোৰীয়া সকলৰ দেশলৈ আনিলোঁ৷ তেওঁলোকে তোমালোকৰে সৈতে যুদ্ধ কৰিলে আৰু মই তোমালোকৰ হাতত তেওঁলোকক সমৰ্পণ কৰিলোঁ৷ পাছত তোমালোকে তেওঁলোকৰ দেশ অধিকাৰ কৰিলা; এইদৰে মই তোমালোকৰ আগৰ পৰা তেওঁলোকক বিনষ্ট কৰিলোঁ।
9. পাছত চিপ্পোৰৰ পুত্ৰ মোৱাবৰ ৰজা বালাকে উঠি ইস্ৰায়েলক আক্ৰমণ কৰিলে আৰু তোমালোকক শাও দিবৰ কাৰণে মানুহ পঠিয়াই বিয়োৰৰ পুতেক বিলিয়মক মাতিলে।
10. কিন্তু মই বিলিয়মৰ কথাত মন দিবলৈ সন্মত নহলোঁ৷ তাতে তেওঁ তোমালোকক আশীৰ্ব্বাদহে কৰিলে; এইদৰে মই তেওঁৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিলোঁ।
11. পাছত তোমালোকে যৰ্দ্দন পাৰ হৈ যিৰীহো পালাহি৷ যিৰিহোৰ অধ্যক্ষসকলে ইমোৰীয়া, পৰিজ্জীয়া, কনানীয়া, হিত্তীয়া, গিৰ্গাচীয়া, হিব্বীয়া আৰু যিবুচীয়া লোকসকলৰ সৈতে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰিলে৷ মই তোমালোকক তেওঁলোকৰ ওপৰত জয়ী হ’বলৈ দিলোঁ আৰু তোমালোকৰ হাতত শোধাই দিলোঁ।
12. মই তোমালোকৰ আগে আগে কোদো পঠালোঁ; তাতে সেই কোদোৱে তোমালোকৰ আগৰ পৰা তেওঁলোকক, বিশেষকৈ ইমোৰীয়াসকলৰ দুজন ৰজাক দূৰ কৰিলে৷ তোমালোকৰ তৰোৱাল বা ধনুৰ দ্বাৰাই তেওঁলোকক দূৰ কৰা হোৱা নাছিল।
13. তোমালোকে যিহৰ বাবে শ্ৰম কৰা নাই, এনে এক দেশ আৰু যিহক তোমালোকে স্থাপন কৰা নাই এনে অনেক নগৰ মই তোমালোকক দিলোঁ, তোমালোকে তাৰ মাজত বাস কৰি আছা৷ আৰু যি দ্ৰাক্ষালতা ও জিতগছৰ বাৰী তোমালোকে পতা নাই, এনে বাৰীৰ ফল তোমালোকে ভোগ কৰি আছা।
14. এই হেতুকে এতিয়া তোমালোকে যিহোৱাক ভয় কৰা আৰু সৰল মনেৰে ও সত্যেৰে তেওঁৰ আৰাধনা কৰা; তোমালোকৰ পূৰ্বপুৰুষসকলে নদীৰ সিপাৰে আৰু মিচৰত পূজা কৰা দেৱতাবোৰক দূৰ কৰা আৰু যিহোৱাৰ আৰাধনা কৰা।
15. যদি যিহোৱাৰ আৰাধনা কৰাত বেয়া লাগিছে, তেন্তে ইউফ্ৰেটিচ নদীৰ সিপাৰে থকা তোমালোকৰ ওপৰ-পিতৃসকলে পূজা কৰা দেৱতাবোৰেই হওঁক বা যিসকলৰ দেশত তোমালোকে বাস কৰিছা, সেই ইমোৰীয়াসকলৰ দেৱতাবোৰেই হওঁক, যাৰ আৰাধনা কৰিবা তাক আজিয়েই মনোনীত কৰা৷ কিন্তু মই আৰু মোৰ পৰিয়ালে হ’লে যিহোৱাৰ আৰাধনা কৰিম।”
16. তেতিয়া লোকসকলে উত্তৰ দি ক’লে, “আমি আন দেৱতাবোৰক পূজা কৰিবৰ বাবে যে যিহোৱাক ত্যাগ কৰিম আমাৰ পৰা এনে কথা দূৰ হওঁক,
17. কিয়নো যিজনাই আমাক আৰু আমাৰ ওপৰ পিতৃসকলক বন্দীঘৰস্বৰূপ মিচৰ দেশৰ পৰা আনিলে আৰু আমাৰ চকুৰ আগতে সেই মহৎ চিনবোৰ দেখুৱালে আৰু যি বাটেদি আমি আহিলোঁ, সেই গোটেই বাটত আৰু যি জাতিবোৰৰ মাজেদি আমি পাৰ হৈ আহিলোঁ, সেই জাতিবোৰৰ মাজতো আমাক ৰক্ষা কৰিলে, সেই জনাই আমাৰ ঈশ্বৰ যিহোৱা।
18. সেই যিহোৱায়েই এই দেশত থকা ইমোৰীয়া আদি কৰি সকলো জাতিক আমাৰ আগৰ পৰা দূৰ কৰিলে৷ এই হেতুকে আমিও যিহোৱাৰেহে আৰাধনা কৰিম, কিয়নো তেৱেঁই আমাৰ ঈশ্বৰ।”
19. কিন্তু যিহোচূৱাই লোকসকলক ক’লে, “তোমালোকে যিহোৱাৰ আৰাধনা কৰিব নোৱাৰিবা, কিয়নো তেওঁ পবিত্ৰ ঈশ্বৰ; নিজ মৰ্য্যদা ৰখাত উদ্যোগী ঈশ্বৰ; তেওঁ তোমালোকৰ অধাৰ্মিকতা আৰু পাপসমূহক ক্ষমা নকৰিব।
20. তোমালোকে যদি যিহোৱাক ত্যাগ কৰি বিজাতীয় দেৱতাক পূজা কৰা, তেন্তে তেওঁ তোমালোকক মঙ্গল কৰাৰ পৰা ঘূৰি, তোমালোকৰ অমঙ্গলহে কৰিব আৰু তোমালোকক সংহাৰ কৰিব।”
21. তেতিয়া লোকসকলে যিহোচূৱাক ক’লে, “নহয়, আমি যিহোৱাৰহে আৰাধনা কৰিম।”
22. তেতিয়া যিহোচূৱাই লোকসকলক ক’লে, “তোমালোকে আৰাধনা কৰিবৰ অৰ্থে যিহোৱাক যে মনোনীত কৰিলা, এই কথাত তোমালোকে নিজৰ বিৰুদ্ধে নিজে সাক্ষী হৈছা।” তেওঁলোকে ক’লে, “হয়, আমি সাক্ষী হৈছোঁ।”
23. তেতিয়া তেওঁ ক’লে, “তেনেহ’লে এতিয়া তোমালোকৰ মাজত থকা বিজাতীয় দেৱতাবোৰ দূৰ কৰা আৰু নিজ নিজ হৃদয়েৰে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱালৈ ঘূৰি অাহাঁ।”
24. লোকসকলে যিহোচূৱাক ক’লে, “আমি ঈশ্বৰ যিহোৱাৰেই আৰাধনা কৰিম আৰু তেওঁৰেই বাক্যলৈ কাণ দিম।”
25. এই দৰে যিহোচূৱাই সেইদিনা লোকসকলৰে সৈতে এটি নিয়ম স্থিৰ কৰিলে৷ তেওঁ চিখিমত তেওঁলোকৰ বাবে এক বিধি আৰু শাসন প্ৰণালী স্থাপন কৰিলে।
26. তেতিয়া যিহোচূৱাই সেই সকলো কথা ঈশ্বৰৰ বিধান-পুস্তকখনিত লিখি হ’ল আৰু এটা ডাঙৰ শিল লৈ, যিহোৱাৰ ধৰ্মধামৰ ওচৰত থকা এৰা গছৰ তলত স্থাপন কৰিলে।
27. পাছত যিহোচূৱাই লোকসকলক ক’লে, “চোৱা, এই শিলে আমাৰ অহিতে সাক্ষী হ’ব৷ কিয়নো আমাৰ আগত যিহোৱাই কোৱা সকলো কথা ই শুনিলে৷ এই হেতুকে তোমালোকে তোমালোকৰ ঈশ্বৰক আসৈ নকৰিবৰ বাবে এইয়ে তোমালোকৰ অহিতে সাক্ষী হ’ব।”
28. তাৰ পাছত যিহোচূৱাই লোকসকলক নিজ নিজ উত্তৰাধিকাৰলৈ বিদায় দিলে।
29. এই সকলো ঘটনাৰ পাছত, যিহোৱাৰ দাস নুনৰ পুত্ৰ যিহোচূৱাৰ এশ দহ বছৰত মৃত্যু হ’ল।
30. তেতিয়া লোকসকলে গাচ পৰ্ব্বতৰ উত্তৰফালে, ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলত থকা তিম্নৎ-চেৰহত তেওঁৰ নিজৰ উত্তৰাধিকাৰৰ সীমাৰ ভিতৰত তেওঁক মৈদাম দিলে।
31. যিহোচূৱাৰ আয়ুসৰ সকলো কালত আৰু যি বৃদ্ধ লোকসকল যিহোচূৱাৰ মৃত্যুৰ পাছত জীয়াই আছিল আৰু ইস্ৰায়েলৰ বাবে যিহোৱাই কৰা সকলো কৰ্ম জানিছিল, তেওঁলোক জীয়াই থকালৈকে ইস্ৰায়েলে যিহোৱাৰ আৰাধনা কৰি আছিল।
32. ইস্ৰায়েলৰ সন্তান সকলে মিচৰ দেশৰ পৰা অনা যোচেফৰ অস্থিবোৰ চিখিমত এডোখৰ মাটিত মৈদাম দিলে, যি মাটি যাকোবে চিখিমৰ বাপেক হমোৰৰ পুতেকহঁতৰ পৰা এশ ৰূপ দি কিনি লৈছিল; আৰু সেয়ে যোচেফৰ সন্তান সকলৰ উত্তৰাধিকাৰ হ’ল।
33. তাৰ পাছত হাৰোণৰ পুত্ৰ ইলিয়াজৰৰো মৃত্যু হ’ল৷ তাত লোকসকলে ইফ্ৰয়িমৰ পৰ্ব্বতীয়া অঞ্চলত তেওঁৰ পুত্ৰ পীনহচক দিয়া গিবিয়াত তেওঁক মৈদাম দিলে।

সামসঙ্গীত 47:1-9
1. হে সমুদায় জাতি, তোমালোকে হাত তালি দিয়া; আনন্দেৰে ঈশ্বৰৰ উদ্দেশ্যে জয়ধ্বনি কৰা।
2. সৰ্ব্বোপৰি যিহোৱা বিস্ময়জনক; সমগ্র পৃথিবীৰ ওপৰত তেৱেঁই মহান ৰজা।
3. তেওঁ লোক সমূহক আমাৰ অধীন কৰিলে, জাতিবোৰক আমাৰ ভৰিৰ তল কৰিলে।
4. তেৱেঁই আমাৰ আধিপত্য মনোনীত কৰিলে; সেই অধিপত্য তেওঁৰ প্ৰেমৰ পাত্র যাকোবৰ গৌৰৱৰ বিষয়। (চেলা)
5. ঈশ্বৰে জয়-ধ্বনিৰ মাজেৰে উৰ্দ্ধগমন কৰিলে; যিহোৱাই শিঙা-ধ্বনিৰ মাজেৰে উৰ্দ্ধগমন কৰিলে।
6. তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা, প্ৰশংসাৰ গান কৰা; তোমালোকে আমাৰ ৰজাৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা, প্রশংসাৰ গান কৰা।
7. কিয়নো ঈশ্বৰ গোটই পৃথিবীৰ ৰজা; তোমালোকে তেওঁৰ উদ্দেশ্যে এক বিশেষ উপলব্ধিৰে প্ৰশংসাৰ গান কৰা।
8. সকলো জাতিবোৰৰ ওপৰত ঈশ্বৰে ৰাজত্ব কৰে; তেওঁৰ পবিত্ৰ সিংহাসনত তেওঁ বহি থাকে।
9. জাতি সমূহৰ ৰাজপুত্রসকল গোট খাইছে; অব্ৰাহামৰ ঈশ্বৰৰ লোকৰ দৰেই গোট খাইছে; কিয়নো পৃথিবীৰ ঢালবোৰ ঈশ্বৰৰ; তেৱেঁই সবাতোকৈ মহান।

প্রবচন 14:14-14
14. যি জন অবিশ্বাসী, তেওঁ নিজৰ আচৰণৰ ফল ভোগ কৰিব; কিন্তু ভাল লোকে তেওঁৰ যি আছে তাকেই পাব।

লূক 13:23-35
23. তেতিয়া কোনো এজনে সুধিলে, “প্ৰভু, তাকৰ লোকেহে উদ্ধাৰ পাব নে?” তেতিয়া তেওঁ তেওঁলোকক ক’লে
24. “ঠেক দুৱাৰেদি সোমাবলৈ বহুত কষ্ট, প্ৰাণপণে চেষ্টা কৰা; মই তোমালোকক কওঁ, অনেক লোকে তাত সোমাবৰ বাবে যত্ন কৰিব, কিন্তু নোৱাৰিব৷
25. কাৰণ ঘৰৰ গৰাকীয়ে উঠি দুৱাৰ বন্ধ কৰিব, তেতিয়া তোমালোকে বাহিৰত থিয় হৈ দুৱাৰত টুকুৰিয়াই ক’বা, প্ৰভু আমালৈ দুৱাৰ মেলি দিয়ক, তেওঁ উত্তৰ দি আপোনালোকক ক’ব, ‘তোমালোক কোন ঠাইৰ মানুহ, সেই বিষয়ে মই নাজানো৷’;
26. তেতিয়া তোমালোকে ক’বা, আপোনাৰ সাক্ষাতে আমি ভোজন-পান কৰিলোঁ আৰু আমাৰ আলি বাটতে আপুনি উপদেশ দিলে।
27. কিন্তু তেওঁ উত্তৰ দি কব, মই তোমালোকক কওঁ, ‘এই সকল কৰ মানুহ, সেই বিষয়ে মই নাজানো; হে দুৰাচাৰীবোৰ মোৰ ওচৰৰ পৰা দূৰ হ!’
28. তেতিয়া ক্ৰন্দন আৰু দাঁত কৰচনি হ’ব! তাতে তোমালোকে অব্ৰাহাম, ইচহাক, যাকোব আৰু ভাববাদী সকলক ঈশ্বৰৰ ৰাজ্যত দেখা পাবা, কিন্তু তোমালোকক বাহিৰত পেলোৱা হ’ব৷
29. তেতে পূব, পশ্চিম, উত্তৰ, দক্ষিণৰ পৰা মানুহবোৰ আহি ঈশ্বৰৰ ৰাজ্যত ভোজনত বহিব,
30. আৰু চোৱা যি সকল আগ হব, সেই সকলোবোৰ পাছ পৰিব; আৰু যি সকল পাছ পৰিব তেওঁলোক আগবাঢ়িব৷”
31. কিছু সময়ৰ পাছত কেইজনমান ফৰীচীয়ে আহি তেওঁক ক’লে, “তুমি ইয়াৰ পৰা অাতৰি যোৱা; কাৰণ হেৰোদে তোমাক বধ কৰিবলৈ বিচাৰি আছে।”
32. যীচুয়ে তেওঁলোকক ক’লে, “যোৱা তোমালোকে গৈ সেই শিয়ালক এই কথা কোৱাগৈ, মই আজি আৰু কাইলৈ ভূত খেদাম নৰিয়াক সুস্থ কৰিম, তৃতীয় দিনা মই মোৰ কার্য সিদ্ধ কৰিম।
33. যি কি নহওক আজি, কাইলৈ আৰু পৰহিলৈ মই যাত্ৰাত আগবাঢ়ি থাকিব লাগিব; কোনো কাৰণতেই এজনো ভাৱবাদী যিৰূচালেমৰ পৰা দুৰৈত মৃত্যু হব নোৱাৰে৷
34. হে যিৰূচালেম! যিৰূচালেম! যি জনে ভাববাদী সকলক বধ কৰে আৰু তোমাৰ ওচৰলৈ পঠোৱা সকলৰ ওপৰত শিল দলিয়াই ৷ বহু বাৰ মই তোমাৰ এই ল’ৰা ছোৱালীবোৰক বচাব খুজিছিলোঁ, কুকুৰাই যেনেকৈ নিজ পোৱালিবোৰক ডেউকাৰ তলত সুৰক্ষা দি ৰাখে তেনেকৈ ৰাখিব খুজিছিলোঁ: কিন্তু আপুনি সন্মত নহ’ল৷
35. চোৱা, তোমালোকৰ ঘৰ ধ্বংস হৈ গৈছে; মই তোমালোকক কওঁ- যেতিয়ালৈকে তোমালোকে এই কথা নোকোৱা ‘প্ৰভুৰ নামেৰে যি জন আহিছে তেওঁ ধন্য’ তেতিয়ালৈকে তোমালোকে মোক দেখিবলৈ নাপাবা।”