Instagram
English
A A A A A
एक साल में बाइबल
अप्रैल 15

যোশুয়া 19:1-51
1. দ্ধিতীয়বাৰ চিঠি খেলাতে চিমিয়োনৰ নামত নির্ধাৰিত হ’ল আৰু তেওঁলোকৰ প্ৰত্যেক বংশক নিজ নিজ অংশৰ ভাগ দিয়া হ’ল৷ তেওঁলোকৰ উত্তৰাধিকাৰ যিহূদাৰ ফৈদৰ উত্তৰাধিকাৰৰ মাজত আছিল।
2. তেওঁলোকৰ উত্তৰাধিকাৰৰ মাজত আছিল বেৰ-চেবা, চেবা, মোলাদা,
3. হচৰ-চূৱাল, বালা এচম,
4. ইল্টুলদ, বথূল আৰু হৰ্মা৷
5. তাৰ ওপৰিও চিমিয়োনৰ আছিল, চিক্লগ, বৈৎ-মৰ্কাবোৎ, হচৰ-চুচা,
6. বৈৎ-লবায়োৎ আৰু চাৰূহন৷ এই তেৰখন নগৰ আছিল তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল৷
7. চিমিয়োনৰ পুনৰ ঐন, ৰিম্মোন, এথৰ আৰু আচন; এই চাৰিখন নগৰ আছিল, গাওঁবোৰ গণনা কৰা হোৱা নাছিল৷
8. এই গাওঁবোৰ নগৰৰ চাৰিওফালে নগৰবোৰৰ সৈতে একেলগে বলাৎ-বেৰ অৰ্থাৎ দক্ষিণ অঞ্চলৰ ৰামালৈকে আছিল৷ এয়েই আছিল চিমিয়োনৰ ফৈদৰ নিজ নিজ বংশ অনুসাৰে দিয়া উত্তৰাধিকাৰ।
9. এয়ে আছিল চিমিয়োনৰ ফৈদক দিয়া উত্তৰাধিকাৰ৷ ই যিহূদা বংশৰ অঞ্চলৰ পৰা আৰম্ভ হৈছিল, কিয়নো যিহূদা ফৈদক দিয়া অংশ তেওঁলোকৰ প্ৰয়োজনতকৈ অধিক আছিল৷ চিমিয়োনৰ ফৈদে তেওঁলোকৰ উত্তৰাধিকাৰ যিহূদাৰ উত্তৰাধিকাৰৰ মাজৰ পৰা ভাগ পাইছিল।
10. তৃতীয়বাৰ চিঠি খেলাওঁতে নিজ নিজ বংশ অনুসাৰে জবূলূনৰ ফৈদৰ নামত উঠিল। তেওঁলোকৰ উত্তৰাধিকাৰৰ সীমা চাৰীদৰ পৰা আৰম্ভণ হ’ল৷
11. তেওঁলোকৰ সীমা পশ্চিমফালে উঠি মৰলালৈকে গৈ, দাব্বেচতত লাগিল; তাৰ পাছত ই বাঢ়ি গৈ যক্‌নীয়ামৰ সন্মুখত থকা জুৰিত লাগিলগৈ।
12. আৰু সেই সীমা চাৰীদৰ পৰা পুব ফাললৈ ঘূৰি, কিশ্লোৎ-তাবোৰৰ সীমালৈকে গ’ল৷ তাৰ পৰা দাবৰতত ওলাই যাফীয়ালৈকো উঠি গ’ল৷
13. সেই ঠাইৰ পৰা পূব ফাল হৈ গৎ-হেফৰ আৰু এৎ-কাচিনেদি গৈ, নয়ালৈকে বিস্তৃত হোৱা ৰিম্মোনলৈ গ’ল৷
14. আৰু সেই সীমাই উত্তৰ ফালে ঘূৰি হন্নাথোনলৈকে গ’ল আৰু যিপ্তহ-এল উপত্যকাত তাৰ অন্ত হ’ল৷
15. কটৎ, নহলাল, চিম্ৰোণ, যিদালা, আৰু বৈৎলেহেম, গাৱেঁৰে সৈতে বাৰখন নগৰ এই অঞ্চলটোত অন্তর্ভুক্ত আছিল৷ তাত বাৰখন নগৰ আছিল৷ তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল৷
16. এইটোৱেই আছিল জবূলূন ফৈদৰ উত্তৰাধিকাৰ; এই নগৰবোৰ তেওঁলোকৰ গাৱেঁৰে সৈতে অন্তর্ভুক্ত আছিল।
17. পাছত আকৌ চতুর্থবাৰ চিঠি খেলাওঁতে, ইচাখৰৰ নামত উঠিল আৰু তেওঁলোকৰ বংশ অনুসাৰে ইয়াক দিয়া হ’ল।
18. তেওঁলোকৰ সীমা যিজ্ৰিয়েল, মচুল্লোৎ, চুনেম,
19. হফাৰয়িম, চিয়োন, অনহৰৎ,
20. ৰব্বীৎ কিচিয়োন, এবচ,
21. ৰেমৎ, অয়ীন-গন্নীম, এয়িন-হদ্দা আৰু বৈৎ-পচেচলৈ হ’ল৷
22. তেওঁলোকৰ সীমাবোৰ, চহচিমা আৰু বৈৎ-চেমচ’তটো লাগিল আৰু তেওঁলোকৰ সীমাৰ অন্ত যৰ্দ্দনত পৰিল৷ তাত ষোল্লখন নগৰ আছিল, তেওঁলোকৰ গাওঁসমূহ গণনা কৰা হোৱা নাছিল।
23. এইবোৰেই আছিল ইচাখৰৰ বংশক দিয়া উত্তৰাধিকাৰ; তেওঁলোকৰ এই অঞ্চল নগৰবোৰৰ সৈতে তেওঁলোকৰ গাৱঁৰ লগত অন্তর্ভুক্ত আছিল৷
24. পঞ্চমবাৰ চিঠি খেলাওঁতে, আচেৰৰ ফৈদৰ নামত উঠিল আৰু নিজ নিজ বংশ অনুসাৰে তেওঁলোকক দিয়া হ’ল।
25. তেওঁলোকৰ সীমা হিল্কৎ, হলি, বেটন, অক্‌চফ,
26. অল্লম্মেক, অমাদ আৰু মিচাল আছিল৷ সেই সীমা পশ্চিম ফালে কৰ্মিল আৰু চিহোৰ লিব্‌নাতলৈ বিস্তৃত্ব হ’ল।
27. পাছত সেই সীমা পূব দিশে ঘূৰি বৈৎ-দাগোনলৈ গ’ল আৰু বৈৎ-এমকৰ ও নিয়েলৰ উত্তৰ ফালে জবূলূন আৰু যিপ্তহ-এল উপত্যকাত লাগি উত্তৰত থকা কাবূলৰ দিশে গ’ল।
28. পাছত এই সীমা এব্ৰোণ, ৰহোব, হম্মোণ, কান্না আৰু মহাচীদোনলৈকে ওলাই গ’ল৷
29. পাছত সেই সীমা ঘূৰি ৰামালৈ গ’ল আৰু গড়েৰে আবৃত থকা তূৰ নগৰলৈ গ’ল৷ পাছত আকৌ ঘূৰি হোচালৈ গৈ তাৰ অন্ত অকজীব অঞ্চলৰ সমুদ্ৰত পৰিল;
30. উম্মা, অফেক আৰু ৰহোব৷ তাত বাইশখন নগৰ আছিল। তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল৷
31. এইটোৱেই আছিল আচেৰৰ ফৈদৰ উত্তৰাধিকাৰ, যি নগৰবোৰ গাৱেঁৰে সৈতে তেওঁলোকৰ বংশক দিয়া হৈছিল৷
32. ষষ্ঠবাৰ চিঠি খেলাওঁতে, নপ্তালীৰ ফৈদৰ নামত উঠিল আৰু এইবোৰ তেওঁলোকৰ বংশক দিয়া হৈছিল৷
33. তেওঁলোকৰ সীমা হেলফৰ পৰা, চনন্নীমৰ ওচৰত থকা এলোন গছৰ পৰা, অদামি-ৰেকব আৰু যবনীয়েলৰ পৰা লক্কুমলৈ, এইদৰে যৰ্দ্দনত তাৰ অন্ত পৰিল৷
34. আৰু সেই সীমা পশ্চিমফাললৈ ঘূৰি অজোনৎতাবোৰলৈকে গ’ল আৰু তাৰ পৰা হুক্কোকলৈ গৈ দক্ষিণফালে জবূলূনৰ লগ লাগিল আৰু পশ্চিম ফালে থকা আচেৰত উপনীত হৈ পূৱফালে যিহূদাত যৰ্দ্দনৰ ওচৰত লাগিল।
35. গড়েৰে আবৃত নগৰবোৰ চিদ্দীম, চেৰ, হম্মৎ, ৰক্কৎ, কিন্নেৰৎ,
36. অদামা, ৰামা, হাচোৰ,
37. কেদচ, ইদ্ৰেয়ী আৰু অয়িন-হাচোৰ আছিল৷
38. আৰু তাত যিৰোণ, মিগ্‌দল-এল, হৰেম, বৈৎ-অনাৎ আৰু বৈৎ-চেমচ৷ তাত ঊনৈশখন নগৰ অাছিল। তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল৷
39. এয়ে আছিল নপ্তালীৰ ফৈদৰ উত্তৰাধিকাৰ। এই নগৰবোৰ তেওঁলোকৰ বংশক গাওঁবোৰৰ সৈতে দিয়া হৈছিল।
40. সপ্তমবাৰ চিঠি খেলাতে দান ফৈদৰ নাম উঠিল আৰু তেওঁলোকৰ বংশ অনুসাৰে তাক দিয়া হ’ল৷
41. তেওঁলোকৰ উত্তৰাধিকাৰৰ অঞ্চলত চৰা, ইষ্টায়োল, ঈৰ-চেমচ,
42. চাল্বিন, অয়ালোন আৰু যিৎলা অন্তর্ভুক্ত আছিল৷
43. আকৌ ইয়াত এলোন, তিম্না, ইক্ৰোণ,
44. ইল্টকি, গিব্বথোন, বালাৎ,
45. যীহূদ, বনে-বৰক, গৎ-ৰিম্মোণ,
46. মে-যৰ্কোণ, ৰক্কোন আৰু যাফোৰ সন্মূখত থকা অঞ্চলসমূহ অন্তর্ভুক্ত আছিল।
47. কিন্তু দানৰ উত্তৰাধিকাৰৰ সেই অঞ্চল যেতিয়া হেৰুৱালে, তেতিয়া দানে লেচমৰ বিৰুদ্ধে যুদ্ধ-যাত্ৰা কৰি, তাক হাত কৰি ল’লে৷ তেওঁলোকে সেই ঠাইৰ সকলোকে তৰোৱালেৰে বধ কৰি, সেই ঠাই অধিকাৰ কৰি তাত বাস কৰিলে৷ তেওঁলোকে নিজৰ পূৰ্বপুৰুষ দানৰ নামেৰে লেচমৰ নামো দান ৰাখিলে।
48. এইটোৱেই আছিল দানৰ ফৈদৰ উত্তৰাধিকাৰ আৰু গাৱঁৰে সৈতে নগৰবোৰ তেওঁলোকক বংশ অনুসাৰে দিয়া হৈছিল৷
49. যেতিয়া তেওঁলোকৰ উত্তৰাধিকাৰত থকা নিজ নিজ সীমা অনুসাৰে দেশ ভগাই দিয়া হ’ল, তেতিয়া ইস্ৰায়েলৰ লোকসকলে তেওঁলোকৰ মাজত নুনৰ পুত্ৰ যিহোচূৱাক এক উত্তৰাধিকাৰ দিলে৷
50. ইফ্ৰয়িম পৰ্বতত থকা তেওঁ খোজা তিম্নৎ-চেৰহ নগৰ যিহোৱাৰ বাক্য অনুসাৰে তেওঁলোকে তেওঁক দিলে৷ তেওঁ সেই নগৰ পুনৰায় সাজি তাত বাস কৰিলে।
51. ইলিয়াজৰ পুৰোহিত, নুনৰ পুত্ৰ যিহোচূৱা আৰু ইস্ৰায়েল লোকসকলৰ মাজত পূর্ব-পুৰুষ সন্তান সকলৰ ফৈদৰ মুখীয়ালসকলৰ উত্তৰাধিকাৰবোৰ এই, যিবোৰ চীলোত যিহোৱাৰ আগত সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত চিঠি খেলাই অধিকাৰৰ অৰ্থে ভাগ বাঁটি দিয়া হৈছিল। এইদৰে তেওঁলোকে দেশ ভাগ কৰি ল’লে।

যোশুয়া 20:1-9
1. তেতিয়া যিহোৱাই যিহোচূৱাক ক’লে,
2. “তুমি ইস্ৰায়েলৰ লোকসকলক কোৱা, বোলে, ‘মই তোমালোকক মোচিৰ দ্ৱাৰাই যি কথা কৈছিলোঁ, সেই বিষয়ে আশ্ৰয় লোৱা নগৰবোৰ নিৰূপণ কৰা৷
3. তোমালোকে ইয়াকে কৰা, যাতে কোনো এজন লোকে যদি অনিচ্ছাকৃত ভাৱে আন এজনক হত্যা কৰে, তেতিয়া তেওঁ সেই ঠাইলৈ গৈ ৰক্ষা পাব পাৰে৷ কোনো এজন লোকে যদি আন কোনো এজন হত্যা কৰা লোকৰ ৰক্তপাতৰ প্ৰতিশোধ ল’ব বিচাৰে, তেতিয়া এই নগৰবোৰেই তেওঁলোকৰ বাবে আশ্ৰয় লোৱা ঠাই হ’ব।
4. সেই জন লোকে সেই নগৰবোৰৰ মাজৰ কোনো এখন নগৰলৈ পলাই গৈ, নগৰৰ দুৱাৰ মুখত থিয় দি যেতিয়া তেওঁৰ সেই অভিযোগ সেই নগৰৰ বৃদ্ধ লোক সকলৰ আগত বুজাই ক’ব; তেতিয়া তেখেতসকলে তেওঁক নগৰলৈ লৈ গৈ তেওঁক তেখেতসকলৰ মাজত বাস কৰিবলৈ কোনো এটা ঠাই দিব৷
5. আৰু যদি কোনো এজন লোকে হত্যা হোৱা জনৰ ৰক্তপাতৰ প্ৰতিশোধ লোৱাৰ প্ৰয়াসেৰে আহে, তেতিয়া সেই নৰবধীক নগৰবোৰৰ লোকসকলে কৰ্তৃপক্ষৰ হাতত শোধাই নিদিব৷ তেওঁলোকে এইদৰে কৰা উচিত ন’হব, কিয়নো তেওঁ অনিচ্ছাকৃত ভাৱেহে নিজৰ চুবুৰীয়াক বধ কৰিলে, আগেয়ে তেওঁলৈ কোনো হিংসা ভাব নাছিল।
6. সেই কালৰ মহা-পুৰোহিতৰ মৃত্যু নোহোৱা পৰ্য্যন্ত আৰু সেই নৰবধীয়ে বিচাৰৰ বাবে সমাজৰ সাক্ষাতে থিয় নোহোৱালৈকে, তেওঁ সেই নগৰতে বাস কৰিব লাগিব৷ তেতিয়া তেওঁ যি নগৰৰ পৰা পলাই আহিছিল, নিজৰ সেই নগৰ আৰু নিজৰ ঘৰলৈ উলটি যাব পাৰিব’।”
7. গতিকে ইস্রায়েলীয়া সকলে গালীলৰ পৰ্বতীয়া অঞ্চলত থকা নপ্তালীৰ কেদচ, ইফ্ৰয়িম পৰ্ব্বতত থকা চিখিম আৰু যিহূদা পৰ্ব্বতত থকা কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণ নিৰ্বাচন কৰি ল’লে।
8. আৰু যৰ্দ্দনৰ সিপাৰে যিৰীহোৰ পুৱফালে ৰূবেণ ফৈদৰ ভিতৰত থকা সমথলৰ মৰুপ্ৰান্তত বেচৰ, গাদ ফৈদৰ ভিতৰত থকা গিলিয়দত ৰমোৎ আৰু মনচি ফৈদৰ ভিতৰৰ বাচানত থকা গোলন নামেৰে ঠাই সমূহ নিৰূপণ কৰিলে।
9. কোনোৱে অনিচ্ছাকৃত ভাৱে নৰবধ কৰিলে, সমাজৰ সাক্ষাতে তেওঁ থিয় নহয় মানে, সেই ঠাইলৈ পলাই গৈ যেন ৰক্তপাতৰ প্ৰতিশোধ লোৱাজনৰ হাতত মৰা নপৰে, এই কাৰণে ইস্ৰায়েলৰ সন্তান সকলৰ বাবে আৰু তেওঁলোকৰ মাজত বসতি কৰা বিদেশী লোকৰ বাবেও, নিৰূপণ কৰা নগৰ এইবোৰ।

সামসঙ্গীত 46:1-6
1. ঈশ্বৰ আমাৰ আশ্ৰয় আৰু বল, সঙ্কটৰ সময়ত বিচাৰা মাত্ৰে পাব পৰা ঈশ্বৰ।
2. এই বাবেই মই ভয় নকৰিম - যদিও পৃথিবীৰ পৰিবৰ্ত্তন হয়, পৰ্ব্বতবোৰ কঁপি উঠি সাগৰৰ বুকুত পৰে,
3. যদিও জল সমূহে তৰ্জ্জন-গৰ্জ্জন কৰে আৰু ফেনে-ফুটুকাৰে ভৰি পৰে, যদিও পৰ্ব্বতবোৰে আলোড়ন কৰি কঁপি উঠে। (চেলা)
4. এখন নদী আছে; তাৰ সুঁতিবোৰে ঈশ্বৰৰ নগৰক আনন্দময় কৰি তোলে, আনন্দময় কৰি তোলে সৰ্ব্বোপৰি জনা থকা সেই পবিত্ৰ স্থান।
5. ঈশ্বৰ সেই নগৰৰ মাজত থাকে; সেয়ে তাই বিচলিত নহ’ব। অতি পুৱাতেই ঈশ্বৰে তাইক সহায় কৰিব।
6. জাতিবোৰে হৈ চৈ কৰিছে; আৰু ৰাজ্যবোৰ উচ্ছন্ন হৈছে; তেওঁ গর্জন কৰি উঠিছে আৰু পৃথিৱী দ্রৱীভূত হ’ল।

প্রবচন 14:7-11
7. অজ্ঞানী লোকৰ পৰা আঁতৰি থাকা; কাৰণ তেওঁৰ মুখত জ্ঞানৰ কথা বিচাৰি নাপাবা।
8. নিজৰ পথ বুজি পোৱাই দূৰদৰ্শীসকলৰ প্রজ্ঞা; কিন্তু অজ্ঞানীলোকৰ অজ্ঞানতাই প্ৰবঞ্চনা মাথোন।
9. দোষাৰ্থক বলি উৎসৰ্গ কৰোঁতে অজ্ঞানীলোকে নিন্দা কৰে; কিন্তু ন্যায়পৰায়ণ লোকৰ মাজত অনুগ্ৰহ থাকে।
10. হৃদয়ে নিজৰ বেদনা নিজে বুজি পায়; কিন্তু অচিনাকী লোকে সেই আনন্দত ভাগ ল’ব নোৱাৰে।
11. দুষ্টলোকৰ ঘৰ ধ্বংস কৰা হ’ব; কিন্তু ন্যায়পৰায়ণ লোকৰ তম্বু মঙ্গলে থাকিব।

লূক 12:32-59
32. হে তাকৰ জাকটি, ভয় নকৰিবা, কিয়নো তোমালোকক ৰাজ্য দিবলৈ, তোমালোকৰ পিতৃ প্ৰসন্ন হৈছে।
33. তোমালোকৰ যি যি সম্পত্তি আছে, সেইবোৰ বিক্ৰী কৰি দৰিদ্ৰ সকলক দান কৰা আৰু যি ঠাইত চোৰ নাযায়, পোকেও নষ্ট নকৰে; এনে স্বৰ্গত নিজৰ কাৰণে পুৰণি হৈ নোযোৱা মোনা যুগুত কৰি অক্ষয় ধন সাঁচি থোৱা৷
34. কিয়নো য’তে তোমালোকৰ ধন, ত’তে তোমালোকৰ মনো হব।”
35. “তোমালোকে কঁকাল বান্ধা আৰু তোমালোকৰ চাকি জ্বলি থাকক,
36. আৰু বিয়াৰ পৰা আহি দুৱাৰত টুকুৰিয়ালেই দুৱাৰ মেলি দিবলৈ নিজ নিজ প্ৰভুলৈ বাট চাই থকা মানুহবোৰৰ নিচিনা তোমালোকো হোৱা৷
37. প্ৰভু অহাৰ পাছত যি দাস সকলক তেওঁ পৰ দি থকা দেখে, তেওঁলোক ধন্য৷ মই তোমালোকক সঁচাকৈ কওঁ, তেওঁ নিজৰ কঁকাল বান্ধি, তেওঁলোকক ভোজনত বহুৱাই, নিজেই তেওঁলোকক শুশ্ৰূষা কৰিব আৰু আহাৰ বাঢ়ি দিব।
38. তেওঁ মাজৰাতি বা শেষৰাতিও আহি যদি তেওঁলোকক সেইদৰেই দেখে তেনেহলে তেওঁলোক ধন্য।
39. কোন সময়ত চোৰ আহিব, সেই বিষয়ে ঘৰৰ গৰাকীয়ে জনা হলে, পৰ দি থাকি সিন্ধি দিবলৈ নিজৰ ঘৰ এৰি নিদিলেহেঁতেন; ইয়াক তোমালোকে জানা।
40. তোমালোকো যুগুত হৈ থাকা; কিয়নো যি ক্ষণত তোমালোকে নাভাবা, সেই ক্ষণতে মানুহৰ পুত্ৰ আহিব।”
41. তেতিয়া পিতৰে ক’লে, “হে প্ৰভু, এই দৃষ্টান্ত অকল আমাৰ বাবে ক’লে নে, নাইবা সকলোকে কৈছে?”
42. তাতে প্ৰভুৱে ক’লে, “নিজৰ ভৃত্য সকলক উচিত সময়ত নিৰূপিত আহাৰ দিবলৈ, প্ৰভুৱে সিহঁতৰ ওপৰত যাক গৰাকী পাতিব এনে বিশ্বাসী আৰু বুদ্ধিমান ঘৰগিৰী কোন?
43. প্ৰভু অহা সময়ত যাক এনে কৰা দেখে সেই দাস ধন্য।
44. মই তোমালোকক সঁচাকৈ কওঁ, তেওঁ নিজৰ সর্ব্বস্বৰ ওপৰত তাক ঘৰগিৰী পাতিব।
45. কিন্তু সেই দাস জনে যদি নিজৰ মনতে কয়, ‘মোৰ প্ৰভু অহাত পলম হ’ব’, আৰু এনেদৰে আন বন্দী বেটীক যদি কোবাবলৈ ধৰে, আৰু ভোজন-পান কৰি তেওঁ মতলীয়া হয়।
46. তেনেহলে যি দিন আৰু সময়ৰ কথা তেওঁ অলপো চিন্তা নকৰে, সেইদিন আৰু সময়তে তেওঁৰ প্ৰভু আহি হাজিৰ হ’ব৷ তাতে প্ৰভুৱে দাসক কাটি টুকুৰা-টুকুৰ কৰিব আৰু অবিশ্বাসী সকলৰ কাৰণে যি ঠাই যুগুত কৰা হৈছে, তেওঁৰ স্থান তাতেই হ’ব৷
47. যি দাসে তাৰ প্ৰভুৰ ইচ্ছা জানিও যুগুত হৈ নাথাকে আৰু তেওঁৰ ইচ্ছাৰ দৰে নকৰে, সেই দাসে ভালেমান কোব খাব।
48. কিন্তু যি জনে নাজানি কোবৰ যোগ্য কর্ম কৰে সি তাকৰ কোব খাব৷ যি জনক অধিক দিয়া হৈছিল, তেওঁৰ পৰা অধিক বিচৰা হব; লোক সকলে যি জনক সৰহকৈ গোটাই দিলে, তেওঁৰ পৰা অধিককৈ খুজিব।
49. মই পৃথিৱীত জুই পেলাবলৈ আহিলোঁ আৰু অহ! যদি এই আশা পূর্ণ হৈ আগতেই প্ৰজ্বলিত হলহেতেন।
50. কিন্তু মই এটা বাপ্তিস্মৰে বাপ্তাইজিত হ’ব লাগে, আৰু সেয়া সম্পন্ন নোহোৱালৈ মই বহুত কষ্ট পাই আছোঁ!
51. মই পৃথিৱীত শান্তি দিবলৈ আহিছোঁ বুলি ভাবিছা নে? মই তোমালোকক কওঁ, তেনে নহয়, কিন্তু বিভেদহে দিবলৈ আহিলোঁ।
52. এতিয়াৰ পৰা ঘৰৰ পাঁচ জন ভিন ভিন হৈ, দুজনৰ বিপক্ষে তিনি জন, তিনি জনৰ বিপক্ষে দুজনহে হব।
53. পুতেকৰ বিপক্ষে বাপেক; বাপেকৰ বিপক্ষে পুতেক; জীয়েকৰ বিপক্ষে মাক, মাকৰ বিপক্ষে জীয়েক; বোৱাৰীৰ বিপক্ষে শাহুৱেক, শাহুৱেকৰ বিপক্ষে বোৱাৰী ভিন ভিন হৈ যাব।”
54. ইয়াৰ পাছত যীচুৱে লোক সকলৰ ফালে চাই ক’লে, “পশ্চিম দিশত ডাৱৰ এচটা উঠা দেখিলেই, আপোনালোকে কয় ‘বৰষুণ আহিব’ আৰু পাছত সেইদৰে হয়।
55. দক্ষিণ ফালৰ বতাহ বুলিলে কয় ‘বৰ জহ হব’; পাছত সেই জনো সেইদৰে ঘটে।
56. হে কপটীয়া সকল, আপোনালোকে পৃথিৱীৰ আৰু আকাশৰ ৰূপ নির্ণয় কৰিব জানে; কিন্তু এই কালৰ বিষয়ে কিয় আপোনালোকে বিচাৰ কৰিব নাজানে?
57. নিজৰ বিষয়ে উচিত বিচাৰ কি কাৰণত কৰিব নোৱাৰে?
58. কিয়নো আপোনাৰ গুচৰিয়াৰ সৈতে আপুনি যেতিয়া বিচাৰকৰ ওচৰলৈ যায়, তেতিয়া বাটতেই তেওঁৰ পৰা মুক্ত হবলৈ চেষ্টা কৰে যাতে তেওঁ আপোনাক বিচাৰকর্তাৰ সন্মুখলৈ বলেৰে টানি নিনিয়ে আৰু বিচাৰকর্তাই দাৰোগাৰ হাতত শোধাই নিদিয়ে; তেতিয়া দাৰোগায়ো বন্দীশালত সোমাই থব নোৱাৰিব।
59. মই আপোনালোকক কওঁ, শেষ পইচাটোও পৰিশোধ নকৰালৈকে কোনো প্ৰকাৰে আপুনি কাৰাগাৰৰ পৰা মুক্ত হব নোৱাৰিব৷”