A A A A A

ইসাইয়া 43:1-28
1. কিন্তু হে যাকোব মই সৃষ্টিকৰ্ত্তা যিহোৱাই, আৰু হে ইস্ৰায়েল, তোমাৰ নিৰ্ম্মাণকৰ্ত্তা যিহোৱা এইদৰে কৈছে, “ভয় নকৰিবা, কিয়নো মই তোমাক মুক্ত কৰিলোঁ; মই তোমাৰ নাম ধৰি তোমাক মাতিলোঁ, তুমি মোৰেই।”
2. তুমি যেতিয়া পানীৰ মাজেদি পাৰ হ’লে, মই তোমাৰ লগত থাকিম, আৰু নদীবোৰৰ মাজেদি গ’লে সেইবোৰে তোমাক প্লাবিত নকৰিব; যেতিয়া তুমি জুইৰ মাজেদি খোজ কাঢ়িবা তুমি দগ্ধ নহ’বা, নাইবা তাৰ শিখাই তোমাক অনিষ্ট নকৰিব।
3. কিয়নো মই তোমাৰ ঈশ্বৰ যিহোৱা, ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা, তোমাৰ ত্ৰাণকৰ্ত্তা; মই তোমাৰ মুক্তিস্বৰূপে মিচৰ, তোমাৰ সলনি কুচ আৰু চিবা দিলোঁ
4. এতিয়াও তুমি মোৰ দৃষ্টিত বহুমূল্য আৰু আদৰণীয়, মই তোমাক প্ৰেম কৰোঁ; সেই বাবে মই তোমাৰ সলনি মানুহবোৰক, তোমাৰ প্রাণৰ সলনি লোক সমূহক দিম।
5. ভয় নকৰিবা, কিয়নো মই তোমাৰ লগত আছোঁ; মই পূৱ দিশৰ পৰা তোমাৰ বংশক আনিম, আৰু পশ্চিম দিশৰ পৰা তোমাক গোটাম।
6. মই উত্তৰ দিশক ক’ম, ‘তেওঁলোকক এৰি দিয়া, আৰু দক্ষিণ দিশক ক’ম, ধৰি নাৰাখিবা, মোৰ পুত্রসকলক দূৰৰ পৰা, আৰু মোৰ জীয়েকসকলক পৃথিৱীৰ সীমাৰ পৰা আনি দিয়া।
7. মোৰ নামেৰে প্ৰখ্যাত হোৱা, আৰু মোৰ গৌৰৱৰ অৰ্থে মই সৃষ্টি কৰা প্ৰতিজনক আনি দিয়া; তেওঁলোকক মই গঠন কৰিলোঁ, মই নিৰ্ম্মাণ কৰিলোঁ।
8. তোমালোকে চকু থকা অন্ধ লোকক, আৰু কাণ থকা কলা লোকক উলিয়াই আনা।
9. সকলো দেশবাসী গোট খাওক, আৰু লোক সমূহ সমবেত হওক; তেওঁলোকৰ মাজৰ কোনে ইয়াক প্ৰকাশ কৰিব পাৰে? আৰু আগৰ কালৰ কথা কোনে আমাক শুনাব পাৰে? তেওঁলোকৰ নিজৰ কথা প্ৰমাণ কৰিবলৈ নিজৰ সাক্ষী আনক; তেওঁলোকক শুনা হওক আৰু “সেয়ে সঁচা” বুলি নিশ্চিত কৰা হওক।
10. যিহোৱাই কৈছে, “তোমালোকে যাতে জানিব পাৰা আৰু মোক বিশ্বাস কৰা, আৰু মইয়ে যে তেওঁ, ইয়াক বুজিব পাৰা, সেয়ে তোমালোকেই মোৰ সাক্ষী আৰু মোৰ মনোনীত দাস। মোৰ পূৰ্বতে কোনো ঈশ্বৰ নিৰ্ম্মিত হোৱা নাই, আৰু মোৰ পাছতো কোনো নহ’ব।
11. মই, ময়েই যিহোৱা, মোৰ বাহিৰে আন কোনো ত্ৰাণকৰ্ত্তা নাই।
12. ময়েই প্ৰচাৰ কৰিলোঁ, ময়েই পৰিত্ৰাণ কৰিলোঁ, আৰু ময়েই ঘোষণা কৰিলোঁ; আৰু আন কোনো দেৱতা তোমালোকৰ মাজত নাই; যিহোৱাই কৈছে, “তোমালোকে মোৰ সাক্ষী, আৰু মইয়েই ঈশ্বৰ;
13. আদিৰে পৰা মইয়েই তেওঁ, মোৰ হাতৰ পৰা উদ্ধাৰ কৰোঁতা কোনো নাই; মই কাৰ্য কৰিম, আৰু কোনে তাক ঘুৰাব পাৰে?”
14. তোমালোকৰ মুক্তিদাতা ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, “মই তোমালোকৰ বাবে বাবিললৈ লোক পঠালোঁ, আৰু মই তেওঁলোকৰ সকলোকে পলাতক অৱস্থাত লৈ যাম, মই কলদীয়াসকলক তেওঁলোকৰ আনন্দ কৰাৰ পৰা বিলাপলৈ পৰিনত কৰিম।
15. ময়েই যিহোৱা, তোমালোকৰ পবিত্ৰ জনা, ইস্ৰায়েলৰ সৃষ্টিকৰ্ত্তা, তোমালোকৰ ৰজা।”
16. সমুদ্ৰৰ মাজেদি বাট, (মহাজলৰাশিৰ মাজেদি পথ যুগুত কৰা যিহোৱাই এই কথা কৈছে,
17. ৰথ আৰু ঘোঁৰা, সৈন্য-সামন্ত আৰু বীৰসকলক বাহিৰ কৰি অনা জন, তেওঁলোকে একেলগে শুলে, তেওঁলোক আৰু নুঠে; আৰু তেওঁলোক লুপ্ত হ’ব, জ্বলি থকা শলিতাৰ দৰে নুমাই যায়)
18. তোমালোকে পূৰ্বকালৰ কথা সোঁৱৰণ নকৰিবা, আৰু পুৰণি কথাবোৰলৈ বিবেচনা নকৰিবা।
19. চোৱা, মই এক নতুন কাৰ্য কৰিবলৈ উদ্যত; সেয়ে এতিয়া ঘটিব; তোমালোকে জানো তাক নাজানিবা? মই অৰণ্যৰ মাজত পথ, আৰু মৰুভূমিৰ মাজত নদীবোৰ উৎপন্ন কৰিম।
20. বনৰীয়া জন্তুবোৰে, শিয়াল আৰু উট পক্ষীবোৰে মোক সন্মান কৰিব; কাৰণ মই আৰণ্যত পানী দিলোঁ, মৰুভূমিত নদী,
21. এই লোকসকলক মোৰ নিজৰ বাবে নিৰ্মাণ কৰিলোঁ, যাতে তেওঁলোকে মোৰ প্রশংসা গুণ কীৰ্ত্তন কৰিব পাৰে।
22. কিন্তু হে যাকোব, তুমি মোক হ’লে, আহ্বান কৰা নাই; আৰু হে ইস্ৰায়েল, তুমি মোৰ পৰা আমনি পাইছা।
23. তুমি মোৰ ওচৰলৈ তোমাৰ মেৰ-ছাগ জাকৰ পৰা এটাও মেৰ-ছাগ হোম বলিৰ বাবে নানিলা; নাইবা তুমি বলিদানৰ দ্বাৰাই মোক সমাদৰ কৰা নাই। নৈবেদ্যেৰে কৰা সেৱাকৰ্ম মই তোমাক কৰোঁৱা নাই, নাইবা ধূপ লগোৱাই তোমাক ক্লান্ত কৰা নাই।
24. তুমি ধন দি মোৰ বাবে উত্তম সুগন্ধি কিনা নাই, নাইবা তুমি তোমাৰ বলিৰ তেলেৰে মোক তৃপ্ত কৰা নাই; কিন্তু তোমাৰ পাপ বোৰৰ দ্বাৰাই মোক ভাৰগ্ৰস্ত কৰিলা, আৰু তোমাৰ অপৰাধবোৰেৰে মোক চিন্তিত কৰিলা।
25. মই, মইয়েই মোৰ নিজৰ বাবে তোমাৰ অধৰ্মবোৰ মোচন কৰোঁ; আৰু তোমাৰ পাপবোৰ মই আৰু মনত নাৰাখিম;
26. কি হৈছিল তাৰ বাবে মোক সোঁৱৰণ কৰা; আহাঁ, আমি একেলগে বাদানুবাদ কৰোঁহক; তুমি যাতে নিৰ্দ্দোষী প্ৰমাণিত হোৱা তাৰ বাবে কাৰণ দৰ্শোৱা।
27. তোমাৰ আদিপিতৃ য়ে পাপ কৰিলে, আৰু তোমাৰ মূখ্যসকলে মোৰ বিৰুদ্ধে অধৰ্ম আচৰণ কৰিলে।
28. এই হেতুকে মই পবিত্ৰীকৃত অধ্যক্ষসকলক অপবিত্ৰ কৰিম, মই যাকোবক সৰ্বনাশ আৰু ইস্ৰায়েলক নিন্দাৰ বিষয় কৰিম।

ইসাইয়া 44:1-28
1. মোৰ দাস যাকোব, আৰু মই মনোনীত কৰা ইস্ৰায়েল, এতিয়া শুনা।
2. যিজনাই তোমাক নিৰ্ম্মাণ কৰিলে, আৰু তোমাক গৰ্ভত গঠন কৰিলে, যিজনাই তোমাক সহায় কৰিব, সেই যিহোৱাই এই কথা কৈছে, “হে মোৰ দাস যাকোব, আৰু মই মনোনীত কৰা যিচুৰূণ, ভয় নকৰিবা।”
3. কাৰণ মই তৃষ্ণাতুৰ ভূমিৰ ওপৰত পানী বৰষাম, আৰু খৰাং ঠাইৰ ওপৰত নদী বোৱাম; মই তোমাৰ বংশৰ ওপৰত নিজ আত্মা, তোমাৰ সন্তানৰ ওপৰত নিজৰ আশীৰ্ব্বাদ বাকি দিম।
4. তাতে বোৱতী পানীৰ দাঁতিত উইল গছ বঢ়াৰ দৰে ঘাঁহবোৰৰ মাজত সেইবোৰ গজি বাঢ়িব।
5. এজনে ক’ব, মই যিহোৱাৰেই, আনজনে নিজকে যাকোবৰ বুলি ক’ব, আৰু আন এজনে ‘মই যিহোৱাৰ হ’য়’এই বুলি নিজৰ হাতত লিখিব, আৰু ইস্ৰায়েলৰ নামেৰে জনাজাত হ’ব।”
6. ইস্ৰায়েলৰ ৰজাক, তেওঁৰ মুক্তিকৰ্ত্তা,বাহিনীসকলৰ যিহোৱাই এই দৰে কৈছে; “ময়েই আদি, আৰু ময়েই অন্ত; মোৰ বাহিৰে আন কোনো ঈশ্বৰ নাই।
7. মোৰ দৰে কোন হ’য়? তেওঁক এই বিষয়ে বর্ণনা কৰি মোক ক’ব দিয়া মোৰ প্রাচীন কালৰ লোকসকলক মই প্রতিষ্ঠা কৰাৰে পৰা, সেই বিষয়বোৰ ঘটি আহিছে, আৰু আহিবলগীয়া ঘটনাৰ কথা তেওঁলোকক ঘোষনা কৰিব দিয়া।
8. তোমালোকে ভয় নকৰিবা বা ভয়াতুৰ নহবা। মই জানো পূৰ্বৰে পৰা তোমালোকৰ আগত এই বিষয়ে প্রকাশ আৰু ঘোষনা কৰা নাই? তোমালোকেই মোৰ সাক্ষী: মোৰ বাহিৰে জানো আন কোনো ঈশ্বৰ আছে? আন কোনো শিলা নাই; মই আন কাকো নাজানো ।”
9. কটা-মূৰ্ত্তি সাজোঁতাবোৰ সকলোৱে অসাৰ; তেওঁলোকে আনন্দ কৰা বিষয়বোৰ মূল্যহীন; তেওঁলোকৰ সাক্ষীবোৰে একো নেদেখে বা নাজানে, আৰু সেয়ে তেওঁলোকক লাজত পৰিব।
10. মূল্যহীন দেৱতা বা কটা মূৰ্ত্তি কোনে নিৰ্ম্মাণ কৰিলে?
11. চোৱা, তেওঁৰ সকলো সহযোগী সকল লাজত পৰিব; শিল্পকাৰসকল কেৱল মানুহ মাথোন। তেওঁলোকক একেলগহৈ থিৰে থাকিব দিয়া; তেওঁলোক কাপুৰুষ আৰু তেওঁলোকে লাজ পাব।
12. কমাৰে তেওঁৰ সজুলিৰে সৈতে কাম কৰে, তেওঁ লোহাৰ অস্ত্ৰ আঙঠাৰ ওপৰত দি নিৰ্ম্মাণ কৰে। তেওঁ হাতুৰীৰে তাক গঢ় দিয়ে, আৰু নিজৰ বলবান হাতেৰে তাক বনায়। তেওঁ ভোকাতুৰ হয়, আৰু তেওঁৰ বল হ্রাস পায়, তেওঁ পানী নাখায় আৰু মূৰ্ছা যায়।
13. বাঢ়ৈয়ে কাঠ ৰেখা টানি ৰঙা জোখে, আৰু লিখনিৰে সৈতে তাত চিন দিয়ে। তেওঁ কম্পাচেৰে সৈতে চিন দি সজুলিৰে সৈতে তাক গঢ় দিয়ে, তেওঁ আকৰ্ষণীয় মানুহৰ আকৃতিৰে তাক গঢ় দিয়ে, যাতে তাক মন্দিৰত থ’ব পাৰে।
14. তেওঁ এৰচ গছ কাটে; বা তেওঁ দেবদাৰু (চাইপ্ৰাচ) আৰু ওক গছ বাছি লয়; সি অৰণ্যৰ পৰা গছবোৰ নিজৰ বাবে লয়। ফাৰ গছ ৰোৱে, আৰু বৰষুণে তাক বৃদ্ধি কৰে।
15. তাৰ পাছত মানুহে তাক জুইৰ বাবে ব্যৱহাৰ কৰে, আৰু নিজে শেক লয়। হয়, তেওঁ জুই জ্বলায়; আৰু তাত পিঠা শেকে। তেওঁ তাৰে এটা দেৱতা নিৰ্ম্মাণ কৰি তাৰ আগত প্রণিপাত কৰে, আৰু তেওঁ এটা মূৰ্ত্তি সাজি তাৰ আগত প্ৰণিপাত কৰে।
16. তেওঁ জুইৰ বাবে সেই কাঠৰ এভাগ পোৰে, তাৰ ওপৰত মঙহ পোৰে। তেওঁ তাক ভোজন কৰি তৃপ্ত হয়। তেওঁ নিজকে প্রাণবন্ত কৰি ক’য়, ও মই প্রাণবন্ত হৈছোঁ,মই জুই দেখিছোঁ।”
17. তাৰ অৱশিষ্ট কাঠেৰে তেওঁ এক দেৱতা নিৰ্মাণ কৰিলে, তেওঁ তাৰ আগত প্ৰণিপাত কৰে, আৰু তাক সন্মান কৰে, আৰু তাৰ আগত প্ৰশংসা কৰি কয়, “মোক উদ্ধাৰ কৰা; কাৰণ তুমি মোৰ দেৱতা।”
18. তেওঁলোকে নাজানে, আৰু তেওঁলোকে নুবুজে; কাৰণ তেওঁলোক চকু অন্ধ আৰু দেখা নাপায়, আৰু তেওঁলোকৰ হৃদয় অনুভব নকৰে।
19. কোনো এজনে নাভাৱে নাইবা তেওঁলোকে হৃদয়ঙ্গম নকৰে আৰু ক’য়, মই সেই কাঠৰ এটা অংশ জুইত পুৰিলোঁ, হয়, তাৰ আঙঠাৰ ওপৰত মই পিঠা শেকিলোঁ, আৰু মই তাৰ আঙঠাৰ ওপৰত মাংস খৰিকাত দি খালোঁ। এতিয়া তাৰ অৱশিষ্ট ভাগেৰে সেৱা কৰিবলৈ মই কিবা এটা ঘিণলগীয়া বস্তু সাজিম নে? কাঠডোখৰৰ আগত মই প্ৰণিপাত কৰিম নে?”
20. এইটো তেওঁ ছাঁই ভোজন কৰাৰ দৰে; তেওঁক প্রবঞ্চক হৃদয়ে বিপথে নিয়ে। তেওঁ নিজৰ প্ৰাণক উদ্ধাৰ কৰিব নোৱাৰে, নাইবা তেওঁ ক’য়, “মোৰ সোঁ হাতে থকা এই বস্তু অনর্থক দেৱতা।”
21. হে যাকোব, আৰু ইস্ৰায়েল, এই বিষয়ে চিন্তা কৰা; কাৰণ তুমি মোৰ দাস: মই তোমাক নিৰ্মাণ কৰিলোঁ; তুমি মোৰ দাস; হে ইস্ৰায়েল মই তোমাক নাপাহৰিম।
22. তোমাৰ ঘন মেঘৰ দৰে অপৰাধবোৰ, আৰু তোমাৰ মেঘৰ দৰে পাপবোৰ মচি পেলাম; তুমি মোলৈ ঘূৰি আহাঁ, কিয়নো মই তোমাক মুক্ত কৰিলোঁ।
23. হে আকাশ মণ্ডল গান কৰা, কাৰণ যিহোৱাই এই কাৰ্য সিদ্ধ কৰিলে; হে পৃথিবীৰ অধঃস্থান, জয়ধ্বনি কৰা; হে পৰ্বতবোৰ, হে অৰণ্য আৰু তাৰ মাজত থকা সকলো গছ, আনন্দ গান কৰি উৎফলিত হোৱা; কিয়নো যিহোৱাই যাকোবক মুক্ত কৰিলে, আৰু ইস্ৰায়েলৰ মাজত নিজৰ গৌৰৱ প্রকাশ কৰিব।
24. তোমাৰ মুক্তিদাতা, আৰু তোমাক গৰ্ভত গঠন কৰা যিহোৱাই এই কথা কৈছে, “মইয়ে যিহোৱা যি সকলো সৃষ্টি কৰিলে, যি জনাই অকলেই আকাশ মণ্ডল বিস্তাৰ কৰিলে, আৰু যি জনাই অকলেই পৃথিৱী সজালে,
25. যি জনাই অনৰ্থক কথা কোৱাসকলৰ লক্ষণবোৰ ব্যৰ্থ কৰে, মঙ্গলতীবোৰক বলীয়া কৰে, আৰু যি সকলে মঙ্গল চাই তেওঁলোকক অপমান কৰে, আৰু মই সেই জন যি জনে জ্ঞানীসকলৰ প্রজ্ঞা বিপৰ্যস্থ কৰে, আৰু তেওঁলোকৰ পৰামৰ্শ মুৰ্খতালৈ ৰূপান্তৰিত কৰে।
26. মইয়ে যিহোৱা যি জনে নিজৰ দাসৰ কথা সিদ্ধ কৰে, আৰু নিজৰ দূতৰ পৰামৰ্শ সিদ্ধ কৰে, যি জনাই যিৰূচালেমৰ বিষয়ে কয়, ‘সেয়ে বসতিৰ ঠাই নহ’ব,’ আৰু যিহূদাৰ নগৰবোৰৰ বিষয়ে কয়, ‘সেইবোৰ পুনৰ নিৰ্মাণ কৰা হ’ব, আৰু তাৰ বিধস্ত হোৱা ঠাইবোৰ পুনৰ স্থাপন কৰিম,
27. যি জনাই অগাধ সমূদ্রক কয়, ‘শুকাই যা, আৰু মই তোৰ সোঁতবোৰ শুকুৱাম,
28. যি জনাই কোৰচৰ বিষয়ে কয়, ‘তেওঁ মোৰ মেৰ-ছাগ ৰখীয়া, আৰু মোৰ সকলো বাঞ্ছা সিদ্ধ কৰিব,’ তেওঁ যিৰূচালেমৰ বিষয়েও কয়, ‘তাক পুনৰ নিৰ্মাণ কৰা হওক,’ আৰু মন্দিৰৰ বিষয়ে কয়, ‘তোমাৰ ভিত্তিমূল স্থাপন কৰা হওক’,”

সামসঙ্গীত 110:1-7
1. যিহোৱাই মোৰ প্ৰভুক ক’লে, “যেতিয়ালৈকে মই তোমাৰ শত্রুবোৰক তোমাৰ ভৰি-পীৰা নকৰোঁ, তেতিয়ালৈকে তুমি মোৰ সোঁহাতে বহি থাকা।”
2. যিহোৱাই চিয়োনৰ পৰা তোমাৰ শক্তিশালী ৰাজদণ্ড প্রেৰণ কৰিব, তেওঁ ক’ব, “তোমাৰ শত্ৰুবোৰৰ মাজত ৰাজত্ব কৰা।”
3. যুদ্ধৰ দিনত তোমাৰ সৈন্য-সামন্তবোৰক তুমি লৈ যাওঁতে, পবিত্র পর্বতবোৰৰ ওপৰত তোমাৰ লোকসকলে স্ব-ইচ্ছাৰে নিজকে উৎসর্গ কৰিব; ৰাতিপুৱাৰ গৰ্ভস্থলৰ পৰা ওলোৱা নিয়ৰৰ নিচিনা তোমাৰ যুবকসকল তোমাৰ কাষলৈ আহিব।
4. “তুমি মল্কীচেদকৰ দৰে চিৰকালৰ কাৰণে এজন পুৰোহিত হ’বা।” যিহোৱাই এই শপত খালে; তেওঁ নিজৰ মন সলনি নকৰিব।
5. যিহোৱা তোমাৰ সোঁহাতে আছে; ক্ৰোধৰ দিনত তেওঁ ৰজাসকলক চূর্ণ কৰিব।
6. তেওঁ জাতি সমূহৰ মাজত বিচাৰ নিষ্পত্তি কৰিব, তেওঁ মৰা শৱেৰে দেশ পৰিপূৰ্ণ কৰিব; তেওঁ বিশাল পৃথিৱীত ৰজাসকলৰ মূৰ গুড়ি কৰিব।
7. তেওঁ পথৰ দাঁতিত থকা জুৰিৰ জল পান কৰিব; তাতে সতেজ হৈ শেষত বিজয়ৰ শিৰ তুলি ধৰিব।

প্রবচন 26:5-9
5. অজ্ঞানীক উত্তৰ দিয়া আৰু তেওঁৰ অজ্ঞানতাত সহযোগ কৰা; সেয়ে তেওঁ নিজৰ দৃষ্টিত জ্ঞানী বোধ নকৰিব।
6. যি জনে অজ্ঞানী লোকৰ হাতত বাৰ্ত্তা পঠিয়াই, তেওঁ নিজৰ ভৰি নিজে কাটি পেলায়, আৰু অত্যাচাৰ ভোগ কৰে।
7. জঠৰ ৰোগীৰ ভৰি যিদৰে তললৈ ওলমি থাকে, অজ্ঞানীসকলৰ মুখত নীতিবাক্যও সেইদৰে।
8. ফিঙ্গাত শিল বন্ধা যেনে, অজ্ঞানীক সন্মান দিয়াও তেনে।
9. মতলীয়াৰ হাতত বিন্ধা কাঁইট যেনে, অজ্ঞানীৰ মুখত নীতিবাক্যও তেনে।

গালাতীয়া 4:1-31
1. কিন্তু মই কওঁ, উত্তৰাধিকাৰী শিশুহৈ থকালৈকে, সৰ্ব্বস্বৰ গৰাকী হ’লেও তাতে তেওঁ আৰু দাসৰ মাজত একো প্ৰভেদ নাথাকে;
2. কিন্তু পিতৃৰ নিৰূপিত সময়লৈকে তেওঁ ন্যায় ৰক্ষক আৰু তত্ৱাৱধায়ক সকলৰ অধীনত থাকে।
3. এনেকৈ আমি যেতিয়া শিশু অৱস্থাত আছিলোঁ, আমিও তেনেকৈ জগতৰ মৌলিক বিধিৰ অধীনত দাস আছিলোঁ;
4. কিন্তু যেতিয়া কাল সম্পূৰ্ণ হ’ল, তেতিয়া ঈশ্বৰে তেওঁৰ নিজ পুত্ৰক পঠাই দিলে, যি জন মহিলাৰ পৰা জন্ম পোৱা আৰু ব্যৱস্থা বিধানৰ অধীনত উৎপন্ন হোৱা,
5. তেওঁ যাতে বিধানৰ অধীনত থকা সকলোকে মুক্ত কৰিব পাৰে, তাতে আমি সকলোৱে যেন তেওঁৰ সন্তান ৰূপে স্বীকৃতি হওঁ৷
6. কাৰণ অাপোনালোক আটায়ে ঈশ্বৰৰ পুত্ৰ, ঈশ্বৰে তেওঁৰ পুত্ৰৰ আত্মা নিজৰ ওচৰৰ পৰা আমাৰ হৃদয়লৈ পঠায় দিলে; সেই আত্মাই, “আব্বা, পিতৃ”, এই বুলি মাতে।
7. এই কাৰণে আপুনি পুনৰ আগৰ দৰে দাস নহয় কিন্তু পুত্ৰ হৈছে; যিহেতু পুত্ৰ হৈছে, সেয়েহে ঈশ্বৰৰ দ্বাৰাই উত্তৰাধিকাৰীও হৈছে৷
8. পূৰ্বতে আপোনালোকে যেতিয়া ঈশ্বৰক জনা নাছিল, তেতিয়া যিবোৰ স্বাভাৱিকৰূপে ঈশ্বৰ নহয়, সেইবোৰৰ সেৱাকৰ্ম কৰিছিল।
9. কিন্তু এতিয়া আপোনালোকে ঈশ্বৰৰ পৰিচয় পালে, ইয়াৰ উপৰি ঈশ্বৰৰ দ্বাৰাই পৰিচিত হ’ল; এনে স্থলত কেনেকৈ পুনৰ সেই দূৰ্বল আৰু দীনহীন প্ৰাথমিক বিধিলৈ উলটি যাব? কেনেকৈ পুনৰ সেই বিধিবোৰৰ সেৱাকৰ্ম কৰিব পাৰিব?
10. আপোনালোকে বিশেষ বিশেষ দিন, মাহ, ঋতু আৰু বছৰ এইবোৰ পালন কৰি আছে।
11. আপোনালোকৰ কাৰণে মোৰ এই ভয় হয়; জানোচা মই যি পৰিশ্ৰম কৰিলোঁ, সেয়ে কিজানিবা কেনেবাকৈ ব্যর্থ হয়।
12. হে ভাই সকল, বিনয় কৰি কৈছোঁ, অাপোনালোক মোৰ নিচিনা হওক; কিয়নো ময়ো আপোনালোকৰ নিচিনা হৈছোঁ। আপোনালোকে মোৰ একো অন্যায় কৰা নাছিল।
13. মোৰ শৰীৰৰ দূৰ্ব্বলতাৰ কাৰণে, মই যে প্ৰথম বাৰ আপোনালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিছিলোঁ, সেই বিষয়ে আপোনালোকে জানে।
14. মোৰ মাংসত আপোনালোকৰ যি পৰীক্ষা হৈছিল, সেই বিষয়ত আপোনালোকে হেয়জ্ঞান আৰু ঘৃণাবোধ কৰা নাছিল; বৰং ঈশ্বৰৰ এজন দূত, এনে কি খ্ৰীষ্ট যীচুৰ নিচিনাকৈ মোক গ্ৰহন কৰিছিল।
15. এতিয়া আপোনালোকৰ সেই আনন্দ ক’ত? কিয়নো আপোনালোকৰ পক্ষে মই সাক্ষ্য দিছিলোঁ যে, সাধ্য হোৱা হ’লে আপোনালোকে নিজ নিজ চকুকো কাঢ়ি মোক দিলেহেঁতেন।
16. এতিয়া আপোনালোকক সত্য কথা কোৱাত মই আপোনালোকৰ ওচৰত শত্ৰু হ’লোঁ নে?
17. সেই লোক সকল আপোনালোকৰ প্ৰতি আগ্ৰহী কিন্তু কোনো ভাল উদ্দেশ্যৰ বাবে আগ্ৰহী নহয়৷ তেওঁলোকে আপোনালোকক মোৰ কাষৰ পৰা অাতৰাই অানিবলৈ বিচাৰে, যাতে আপোনালোকে তেওঁলোকৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে৷
18. অৱশ্যে আগ্ৰহ দেখুওৱা ভাল, যদিহে সৎ উদ্দেশ্যেৰে তাক কৰা হয়৷ অকল মই আপোনালোকৰ তাত উপস্থিত থাকোতে যে ভাল, এনে নহয়, কিন্তু সকলো সময়তে থকা ভাল।
19. হে মোৰ প্ৰিয় সন্তান সকল, আপোনালোকৰ কাৰণে পুনৰ এবাৰ প্ৰসৱ যন্ত্ৰণা ভোগ কৰিছোঁ; যেতিয়ালৈকে আপোনালোকত খ্ৰীষ্টৰ আকাৰ উৎপন্ন নহয়, তেতিয়ালৈকে ভোগ কৰি আছোঁ৷
20. এতিয়া আপোনালোকৰ ওচৰত যাবৰ বাবে মোৰ মন গৈ আছে আৰু তাত বেলেগ ভাবে এই সকলো কথা আপোনালোকৰ লগত আলোচনা কৰিব পাৰিলোঁ হয়৷ আপোনালোকৰ বাবে মই বিবুদ্ধিত পৰি আছোঁ।
21. হে বিধান-শাস্ত্ৰৰ অধীন হ’ব খোজা সকল, মোক কওকচোন, আপোনালোকৰ মাজৰ কোনে বিধানৰ কথা শুনিবলৈ নিবিচাৰে?
22. কিয়নো লিখা আছে যে, অব্ৰাহামৰ দুজন পুত্ৰ আছিল; বেটীৰ গৰ্ভত ওপজা এজন, স্বাধীন জনীৰ গৰ্ভত ওপজা এজন।
23. কিন্তু বেটীৰ যি জন, সি মাংস অনুসাৰে জন্মিছিল; কিন্তু স্বাধীন জনীৰ যি জন, সেই জন প্ৰতিজ্ঞাৰ গুণেহে জন্মিছিল।
24. এইবোৰ কথাৰ এটা আন প্ৰকাৰ ভাবাৰ্থ আছে; কিয়নো এই দুজনীয়েই দুই বিধান হৈছে; এক নিয়ম চীনয় পৰ্বতৰ পৰা দাসত্বৰূপ অৱস্থাত প্ৰসৱ কৰোঁতা; সেয়ে হৈছে হাগাৰ৷
25. কিয়নো আৰব দেশত হাগাৰ শব্দৰ অৰ্থ, চীনয় পৰ্বত; আৰু বৰ্তমানে থকা যিৰূচালেমকো বুজায়; কিয়নো তাই নিজ সন্তানে সৈতে বন্দী অৱস্থাত আছিল।
26. কিন্তু উৰ্দ্ধলোকত থকা যিৰূচালেম স্বাধীন; তেওঁ হৈছে, আমাৰ মাতৃ।
27. কিয়নো লিখা আছে, “হে প্ৰসৱ নকৰা বন্ধ্যা আনন্দ কৰা, তোমালোকৰ মাজৰ যি গৰাকীয়ে সন্তান প্ৰসৱ কৰা নাই; বৰ মাতেৰে উল্লাস আৰু হৰ্ষনাদ কৰা; কিয়নো গিৰিয়েক থকা জনীতকৈ অনাথিনী জনীৰ সন্তান অধিক হব।”
28. এতিয়া হে ভাই সকল, ইচহাকৰ দৰে আমিও প্ৰতিজ্ঞাৰ সন্তান হৈছোঁ৷
29. কিন্তু তেতিয়া যেনেকৈ মাংস অনুসাৰে জন্ম পোৱা জনে আত্মা অনুসাৰে জন্ম পোৱা জনক তাড়না কৰিছিল, তেনেকৈ এতিয়াও হৈছে।
30. কিন্তু শাস্ত্ৰই কি কয়? ‘বেটী আৰু তাইৰ পুতেকক খেদি দিয়া; কিয়নো স্বাধীন জনীৰ পুতেকৰ সৈতে, বেটীৰ পুতেকে উত্তৰাধিকাৰী নাপাব’।
31. এতেকে হে ভাই সকল, আমি বেটীৰ সন্তান নহওঁ; সেই স্বাধীন গৰাকীৰহে সন্তান হওঁ।