A A A A A

ইসাইয়া 33:1-24
1. নিজৰ ধ্বংস নোহোৱাকৈ ধ্বংস কৰা যি তুমি! বিশ্বাসঘাতকতা নোহোৱাকৈ বিশ্বাসঘাতকতা কৰা যি তুমি, তোমাৰ সন্তাপ হ’ব! যেতিয়া তুমি ধ্বংস কৰিব এৰিবা তেতিয়া তোমাৰ ধ্বংস হ’ব। যেতিয়া তুমি বিশ্বাস ঘাতকতা কৰিব এৰিবা, তেতিয়া তেওঁলোকে তোমাক বিশ্বাস ঘাতকতা কৰিব।
2. হে যিহোৱা আমাক দয়া কৰক; আমি আপোনালৈ বাট চাই আছোঁ; প্ৰতি ৰাতিপুৱাতে আপুনি আমাৰ বাহুস্বৰূপ হয়, সঙ্কটৰ সময়ত আপুনি আমাৰ পৰিত্ৰাণকৰ্ত্তা হয়।
3. কোলাহল শব্দত লোক সমূহ পলাব; আপুনি যেতিয়া উঠিব তেতিয়া জাতিবোৰ চিন্ন ভিন্ন হ’ব।
4. কাকতী ফৰিঙে গোটোৱাৰ দৰে তোমাৰ ধ্বংস গোটোৱা হ’ব, ফৰিংবোৰে জপিওৱাৰ দৰে তাৰ ওপৰত লোকসকলে জাঁপ দিব।
5. যিহোৱা উন্নত, তেওঁ উদ্ধলোকত বাস কৰে; তেওঁ চিয়োনক ন্যায় বিচাৰেৰে আৰু ধাৰ্মিকতাৰে পৰিপূৰ্ণ কৰিব।
6. তোমালোকৰ সময়ত তেওঁ স্থায়ীভাৱে থাকিব, পৰিত্ৰাণ, জ্ঞান, আৰু বুদ্ধি প্ৰচুৰ পৰিমাণে হ’ব; যিহোৱা বিষয়ক ভয়েই তেওঁ ৰ পৰমধন।
7. চোৱা, তেওঁলোকৰ কটকীসকলে বাটত চিঞৰিছে; কুটনীতিজ্ঞ সকলে শান্তিৰ কাৰণে আশা কৰি মনোবেদনাত কান্দিছে।
8. ৰাজপথবোৰ জনপ্রানীহীন হ’ল, তাত যাত্রীসকল নোহোৱা হ’ল। চুক্তিবোৰ ভঙা হ’ল, সাক্ষ্য বোৰক অৱজ্ঞা কৰা হ’ল, আৰু নগৰবোৰক অসন্মানিত কৰা হ’ল।
9. দেশে শোক কৰিছে আৰু নষ্ট হৈছে; লিবানোনে বিবুদ্ধিত পৰিছে আৰু জঁই পৰিছে; চাৰোণ মৰুভূমিৰ দৰে হৈছে; বাচান আৰু কৰ্মিলে পাত সৰাইছে।
10. যিহোৱাই কৈছে, “এতিয়াই মই উঠিম, এতিয়াই মই উন্নত হ’ম, এতিয়াই মই উন্নীত হ’ম।
11. তোমালোকে তুঁহ গৰ্ভধাৰণ কৰিবা, আৰু তোমালোকে নৰা প্ৰসৱ কৰিবা, তোমালোকৰ নিঃশ্বাস-প্রশ্বাস জুই সেয়ে তোমালোকক গ্ৰাস কৰিব।
12. কাঁটিয়া জোপোহা কাটি জুইত পোৰাৰ দৰে লোকসকল জ্বলি চূণ হ’ব।
13. তোমালোক যি সকল দূৰৈত আছা, মই কৰা কাৰ্যৰ কথা শুনা; আৰু তোমালোক যি সকল ওচৰত আছা, মোৰ পৰাক্ৰম স্বীকাৰ কৰা।”
14. চিয়োনত থকা পাপীবোৰে ভয় কৰিছে; অধৰ্মি জনক কঁপনিয়ে ধৰিছে। আমাৰ মাজৰ কোনে গ্ৰাসকৰী অগ্নিয়ে সৈতে বাস কৰিব পাৰে? আমাৰ মাজৰ কোনে অনন্ত কাললৈকে জ্বলি থকা জুইৰে সৈতে বাস কৰিব পাৰে?
15. যি জনে ধাৰ্মিকতাৰ পথত চলে, আৰু ন্যায় কথা কয়, যি জনে অত্যাচাৰ কৰি পোৱা লাভ ঘিণ কৰে, যি জনে ভেটি ল’বলৈ অস্বীকাৰ কৰে, যি জনে চৰম অপৰাধৰ আচনি নকৰে, আৰু কুকৰ্মলৈ চকু নিদিয়ে।
16. সেই জনে নিজৰ ঘৰ উচ্চস্থানত স্থাপন কৰিব; তেওঁৰ প্রতিৰক্ষাৰ স্থান শিলৰ দুৰ্গ হ’ব; তেওঁৰ আহাৰ আৰু পানী দৃঢ়ভাবে সৰবৰাহ হ’ব।
17. তুমি নিজ চকুৰে ৰজাক তেওঁৰ সুন্দৰ অৱস্থাত থকা দেখিবা, তেওঁলোকে বিশাল দেশ দেখিব।
18. তোমাৰ মনে হৈ যোৱা সঙ্কটৰ বিষয়ে ভাবিব; লিখক ক’ত, ধন জুখা জন ক’ত? কোঁঠবোৰ গণনা কৰা জন ক’ত আছে?
19. তুমি বুজিব নোৱাৰা অপৰিচিত ভাষা কোৱা, অবাধ্য মানুহ আৰু দেখিবলৈ নাপাবা।
20. আমাৰ উৎসৱ নগৰ চিয়োনলৈ তুমি দৃষ্টি কৰা; যাৰ খুটি কেতিয়াও উঘালিব নোৱাৰি, যাৰ ৰছী কেতিয়াও নিছিগে, স্থানান্তৰ কৰিব নোৱাৰা এনে তম্বুস্বৰূপ শান্ত বাসস্থান যিৰূচালেমক তোমাৰ নিজৰ চকুৰে দেখিবা।
21. তাৰ পৰিবর্তে, বহল নদীবোৰত আৰু সুঁতীবোৰত মহান যিহোৱা আমাৰ সৈতে থাকিব। তাত বঠাৰে চলোৱা যুদ্ধ জাহাজ, আৰু প্ৰকাণ্ড জাহাজ নচলিব।
22. কিয়নো যিহোৱা আমাৰ বিচাৰকৰ্ত্তা, আমাৰ ব্যৱস্থাপক, আৰু আমাৰ ৰজা; তেৱেঁই আমাক পৰিত্ৰাণ কৰিব।
23. তোমাৰ পালবোৰ ঢিলা হৈ পৰিছে, সিহঁতে মাস্তুল থিৰকৈ ধৰি ৰাখিব নোৱাৰে, সিহঁতে পাল তৰিব নোৱাৰে; সেই কালত অনেক লুটদ্ৰব্য ভাগ বাটি দিয়া হ’ল, লেঙেৰায়ো লুটদ্ৰব্য নিলে।
24. “মই অসুস্থ,” এই বুলি বাসিন্দা সকলে নক’ব, তাত থকা লোকসকলৰ অপৰাধ ক্ষমা কৰা হ’ব।

ইসাইয়া 34:1-17
1. হে জাতি সমূহ ওচৰলৈ আহা আৰু শুনা, হে লোক সমূহ মনোযোগ দিয়া! পৃথিৱী আৰু ইয়াক পৰিপূর্ণ কৰা সকলোৱে, জগত আৰু তাৰ পৰা উৎপন্ন হোৱা সকলোৱে অৱশ্যে শুনক।
2. কাৰণ সকলো জাতিৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধ আছে, আৰু তেওঁলোকৰ সকলো সৈন্যৰ বিৰুদ্ধে তেওঁ অগ্নিশর্মা; তেওঁ তেওঁলোকক সম্পূর্ণ ভাবে ধ্বংস কৰিব, বধ কৰিবলৈ তেওঁ তেওঁলোকক প্রাণীহত্যা কাৰীৰ হাতত শোধাই দিব।
3. তেওঁলোকৰ নিহত সকলক মৈদাম নিদিয়াকৈ থ’ব; তেওঁলোকৰ মৰা শৱবোৰৰ পৰা চাৰিও ফালে দুৰ্গন্ধ হ’ব, তেওঁলোকৰ তেজেৰে পৰ্ব্বতবোৰ ভিজিব।
4. আকাশৰ সকলো তৰাবোৰ অদৃশ্য হৈ যাব, আৰু নুৰিওৱা পুথিৰ দৰে আকাশক নুৰিওৱা হ’ব; আৰু তাৰ সকলো তৰা অদৃশ্য হ’ব, দ্ৰাক্ষালতাৰ পৰা পাত লেৰেলি সৰি পৰাৰ দৰে, আৰু বেচিকৈ পকা ডিমৰু যি দৰে ডিমৰু গছৰ পৰা সৰি পৰে,
5. কাৰণ যেতিয়া মোৰ তৰোৱালে স্বৰ্গত পূর্ণ হোৱাকৈ তেজ পান কৰিব; চোৱা, এইটো এতিয়া ইদোমৰ ওপৰলৈ আহিব, সেই লোকসকললৈ মই ধ্বংস কৰিবলৈ পঠিয়াম।
6. যিহোৱাৰ তৰোৱাল তেজেৰে টোপাটোপে পৰা, আৰু চর্বিৰে আবৃত, ভেৰা আৰু ছাগলীবোৰৰ তেজেৰে টোপাটোপে পৰা, মতা ভেড়া ছাগলীৰ মুত্রাশয়ৰ চর্বিৰে আবৃত। কাৰণ যিহোৱাই বস্ৰা নগৰত বলিদান কৰিছে আৰু ইদোম দেশত মহাহত্যা হৈছে।
7. তেওঁলোকৰ সৈতে ভতৰা গৰুও হত্যা কৰা হ’ব আৰু কম বয়সীয়া ভতৰা গৰুৰ সৈতে বুঢ়া গৰুও। তেওঁলোকৰ দেশ তেজেৰে মাতাল হ’ব, আৰু তেওঁলোকৰ ধুলি চর্বিৰে চর্বিযুক্ত হ’ব।
8. কাৰণ এইয়ে যিহোৱাৰ প্ৰতিশোধ লোৱা দিন হ’ব, চিয়োনৰ অৰ্থে পোনৰ প্ৰতিফল দিয়া বছৰ হ’ব।
9. ইদোমৰ নৈবোৰ আলকতৰালৈ পৰিণত হ’ব, তাইৰ ধূলিবোৰ গন্ধক হ’ব, আৰু তাইৰ দেশ প্ৰজ্বলিত আলকতৰা হ’ব।
10. সেয়ে দিনে ৰাতিয়ে জ্বলিব; চিৰকাললৈ ইয়াৰ ধোঁৱা উঠিব; পুৰুষানুক্ৰমে ই অনুর্বৰ হৈ থাকিব; কোনেও তাৰ মাজেদি চিৰকাললৈকে নাযাব।
11. কিন্তু বনৰীয়া চৰাই আৰু পশু তাত বাস কৰিব, ফেঁচা আৰু ঢোঁৰা কাউৰীয়ে তাত বাহ সাজিব। তেওঁ তাৰ ওপৰত ধ্বংসৰ পৰিমাণ-জৰী আৰু ওলোম সূতা বিস্তাৰ কৰিব।
12. তাইৰ প্ৰধান লোকসকলৰ ৰাজ্য বুলি কবলৈ একো নথাকিব, আৰু তাইৰ ৰাজকুমাৰসকলৰ কাকো নাথাকিব।
13. তাইৰ ৰাজপ্রসাদবোৰ কাঁইটে ছাটি ধৰিব, চোৰাত গছ আৰু কাঁইটীয়া জাৰণি তাইৰ দুর্গ হ’ব। এইয়া শিয়ালৰ বসতি স্থান আৰু উট পক্ষীৰ কাৰণে ঠাই হ’ব।
14. বনৰীয়া জন্তু আৰু ৰাংকুকুৰে তাত লগ হ’ব, আৰু বনৰীয়া ছাগলীয়ে ইটোৱে সিটোৰ বাবে চিঞৰিব। সেই ঠাইত নিশাচৰ জন্তুৱে নিবাস কৰিব, আৰু নিজৰ বাবে বিশ্ৰামৰ ঠাই বিচাৰি পাব।
15. ফেঁচাই বাহ সাজি, কণী উমনি দি পোৱালি জগাব, আৰু পোৱালবোৰক সুৰক্ষা দিব। হয় সেই ঠাইত প্রতিজনী শেন চৰাইয়ে নিজৰ সঙ্গীৰ সৈতে গোট খাব।
16. যিহোৱাৰ নুৰিয়া পুথিত একাদিক্রমে বিচাৰা; ইয়াৰ এটাৰো অভাব নহ’ব। সঙ্গী বাবে কাৰো অভাৱ নহ’ব, কাৰণ যিহোৱাই নিজৰ মুখেৰে এই আদেশ দিলে, আৰু তেওঁৰ আত্মাই সিহঁতক গোটালে।
17. তেওঁ সিহঁতৰ বাবে চিঠি খেলালে, আৰু সিহঁতৰ বাবে তেওঁ নিজৰ হাতেৰে পৰিমাণ-জৰীৰ দ্বাৰাই তাক ভাগ বাটি দিলে। সিহঁতে তাক সদাকালৰ বাবে অধিকাৰ কৰিব, পুৰুষানুক্ৰমে তাত বাস কৰিব।

সামসঙ্গীত 109:1-5
1. হে মোৰ প্ৰশংসাৰ যোগ্য ঈশ্বৰ, তুমি নিজম দি নাথাকিবা;
2. কিয়নো দুষ্ট আৰু ছলনাকাৰী লোকে মোৰ বিৰুদ্ধে মুখ মেলিছে; তেওঁলোকে মিছলীয়া জিভাৰে মোৰ বিৰুদ্ধে কথা কৈছে।
3. তেওঁলোকে মোক ঘৃণনীয় কথা কৈ আগুৰি ধৰিছে; বিনা কাৰণতে মোক আক্রমণ কৰিছে।
4. মোৰ প্ৰেমৰ পৰিবর্তে তেওঁলোকে মোৰ বিৰুদ্ধে শত্ৰুতা কৰিছে; কিন্তু মই হ’লে তেওঁলোকৰ বাবে প্ৰাৰ্থনাত লাগি থাকোঁ।
5. মই কৰা উপকাৰৰ সলনি তেওঁলোকে মোলৈ অপকাৰ কৰিলে; মোৰ প্ৰেমৰ সলনি মোক ঘৃণা কৰিলে।

প্রবচন 25:25-26
25. তৃষ্ণাতুৰ লোকৰ বাবে চেঁচা পানী যেনে, দূৰ দেশৰ পৰা অহা মঙ্গল সম্বাদো তেনে।
26. ঘোলা পানীৰ নিজৰা, বা নষ্ট হৈ যোৱা ভুমুক যেনে, দুষ্ট লোকৰ সন্মুখত ভাল মানুহো থৰক-বৰক হোৱাও তেনে।

২ কৰিন্থীয়া 12:1-21
1. মই গৌৰৱ কৰিব পাৰোঁ যদিও ই হিতজনক নহয়; কিন্তু নানা দৰ্শন আৰু প্ৰভুৰ প্ৰকাশিত বিষয়ৰ কথা ক’ম।
2. খ্ৰীষ্টত আশ্ৰয় লোৱা এনে এজন মানুহক মই জানো, যি জনে চৌদ্ধ বছৰৰ আগেয়ে, শাৰীৰিক ৰূপে নে নিঃশৰীৰেৰে সেই বিষয়ে মই নাজানো, ঈশ্বৰেহে জানে, - তেখেতক তৃতীয় স্বৰ্গলৈ নিয়া হৈছিল।
3. আৰু এনে এজন মানুহক মই জানো, সশৰীৰেৰে নে বিনাশৰীৰেৰে সেয়ে মই নাজানো, ঈশ্বৰে জানে, -
4. তেখেতক পৰমদেশলৈ নিয়া হৈছিল, তাতে তেওঁ অনিৰ্ব্বচনীয় আৰু মানুহে ক’ব নোপোৱা কথা শুনিবলৈ পাইছিল।
5. তেনেকুৱা জনৰ অৰ্থে মই গৌৰৱ কৰিম; কিন্তু নানা দূৰ্ব্বলতাৰ বাহিৰে, মোৰ নিজৰ অৰ্থে আন একো কথাত গৌৰৱ নকৰোঁ।
6. কাৰণ যদিও গৌৰৱ কৰিবলৈ ইচ্ছা কৰোঁ, তথাপি মই অজ্ঞান নহ’ম; কিয়নো মই সঁচা ক’ম; আৰু গৌৰৱ কৰাৰ পৰা আতৰত থাকিম, যাতে কোনেও মোক শ্ৰেষ্ঠ বুলি জ্ঞান নকৰে; কিন্তু মোক যি দৰে দেখে বা যি দৰে মোৰ কথা শুনে, সেইদৰেহে মোক জ্ঞান কৰক৷
7. আৰু সেই প্ৰকাশিত বিষয়ৰ অনুপমতাত মই যেন অতিশয় দৰ্প নকৰোঁ৷ সেই কাৰণে মোৰ শৰীৰত এটা কাঁইট, অৰ্থাৎ, মোক ভূকূৱাবলৈ চয়তানৰ এক দূত দিয়া হ’ল; যাতে মই অধিক গর্বিত হৈ নপৰো৷
8. সি মোৰ পৰা যেন দূৰ হয় সেই বিষয়ে মই প্ৰভুৰ আগত তিনি বাৰ নিবেদন কৰিলোঁ।
9. তাতে তেওঁ মোক ক’লে, ‘মোৰ যি অনুগ্ৰহ, সেয়ে তোমাৰ বাবে জুৰিব; কিয়নো দূৰ্ব্বলতাত মোৰ শক্তি সিদ্ধ হয়’; সেই বাবে মই মহা-আনন্দেৰে মোৰ নানা দূৰ্ব্বলতাত গৌৰৱহে কৰিম, কিয়নো তাতে খ্ৰীষ্টৰ শক্তি মোৰ ওপৰত বাস কৰে৷
10. এই হেতুকে খ্ৰীষ্টৰ কাৰণে মই দূৰ্ব্বলতা, অপমান, দৰিদ্ৰতা, তাড়না, সঙ্কট, এইবোৰত সন্তুষ্ট হওঁ; কিয়নো যেতিয়া মই দূৰ্বল, তেতিয়াই বলৱান।
11. মই নির্বোধ হ’লো! এনে হবলৈ আপোনালোকে মোক অগত্যা কৰিলে, কিয়নো আপোনালোকৰ দ্বাৰাই মই প্ৰশংসিতহে হব লাগিছিল; কিয়নো মই একো নহলেও, ‘অতি প্ৰধান পাঁচনি’ সকলতকৈ অলপো নিকৃষ্ট নাছিলো৷
12. আপোনালোকৰ মাজত সকলো ধৈৰ্য, আচৰিত চিন, অদ্ভুত লক্ষণ আৰু পৰাক্ৰম কাৰ্যৰ দ্বাৰাই পাঁচনিৰ চিনবোৰ প্ৰকাশিত হৈছিল।
13. মই যে নিজে আপোনালোকৰ ভাৰস্বৰূপ হোৱা নাই, এই বিষয়ত বাহিৰে আপোনালোকে আনকি কথাত অন্য মণ্ডলীতকৈ নিকৃষ্ট হ’ল? মোৰ এই অপৰাধটো ক্ষমা কৰক।
14. চাওক! তৃতীয় বাৰ মই আপোনালোকৰ ওচৰলৈ যাবলৈ যুগুত হৈছোঁ আৰু এইবাৰো ভাৰস্বৰূপ নহ’ম, কিয়নো আপোনালোকৰ সম্পত্তি নহয়, আপোনালোককহে বিচাৰো; কাৰণ মাক-বাপেকৰ কাৰণে সন্ত্বানে সাঁচিব লগা নহয়, সন্ত্বানৰ কাৰণেহে মাক-বাপেকে সাঁচিব লগা হয়।
15. সেইদৰে ময়ো আপোনালোকৰ প্ৰাণৰ কাৰণে আনন্দেৰে ব্যয় কৰিম আৰু ব্যয় কৰাও হ’ম। যদি মই আপোনালোকক অধিক প্ৰেম কৰোঁ, তেনেহলে মোক আপোনালোকে কমকৈ প্ৰেম কৰিব নে?
16. কিন্তু যি দৰে মই আপোনালোকক ভাৰ দিয়া নাছিলো কিন্তু চতুৰ হৈ ছলেৰে আপোনালোকক ধৰিলো,
17. তেনেদৰে আপোনালোকৰ ওচৰলৈ যি সকলক পঠালোঁ, তেখেত সকলৰ কোনো এজনৰ দ্বাৰা মই আপোনালোকক ফুচুলাইছিলো নে?
18. আপোনালোকৰ ওচৰলৈ যাবলৈ তীতক উৎসাহিত কৰি, তেওঁৰ লগত সেই ভাইকো পঠিয়াইছিলো। তাতে তীতে আপোনালোকক ফুচুলাইছিল নে? আমি দুয়ো একে বাটেৰে চলা নাই জানো? আমি একে খোজ লোৱা নাই নে?
19. আপোনালোকে ইমান সময়ে, আমি নিজকে নিৰ্দ্দোষী দেখুৱাবলৈ যত্ন কৰিছোঁ বুলি ভাবিছে নে? আমি ঈশ্বৰৰ দৃষ্টিত থাকি খ্ৰীষ্টত কৈ আছোঁ; আৰু হে প্ৰিয় সকল, আপোনালোক ধৰ্মত বৃদ্ধি হ’বলৈহে এইবোৰ কথা কৈছোঁ।
20. কিয়নো মোৰ ভয় আছে যে, মই আপোনালোকৰ ওচৰলৈ যোৱা সময়ত আপোনালোকক যি ৰূপত দেখিবলৈ ইচ্ছা নকৰোঁ, কিজানি সেইৰূপত দেখিম আৰু আপোনালোকে মোক যিৰূপে দেখিবলৈ ইচ্ছা নকৰে, মোক সেইৰূপত দেখে; তাতে কিজানি আপোনালোকৰ মাজত বাদ-বিবাদ, ঈৰ্ষা, খং-ৰাগ, বিৰোধ, পৰচৰ্চা, দৰ্প, হুৰামুৰা, এই সকলো ঘটিব;
21. তাতে পুনৰ আহিলে, মোৰ ঈশ্বৰে আপোনালোকৰ আগত মোক সৰু কৰিব; আৰু মই সেই অনেক লোকৰ কাৰণে শোক কৰিব লাগিব৷ কাৰণ যি সকলে আগেয়ে পাপ কৰিছিল, তেওঁলোকে সেই অশুচি কাৰ্যবোৰৰ পৰা মন-পালটন নকৰি, ব্যভিচাৰ আৰু লম্পট আচৰণত যেনেদৰে চলি আছিল, তেনেদৰে চলি থাকিল৷